মাজনিশা অসমত ভূমিকম্পৰ জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ এক ভূমিকম্পই জোকাৰি গ’ল অসম । নিশা প্ৰায় ২.২৫ বজাত সংঘটিত ভূমিকম্পৰ কম্পন গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হয় । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই (এন চি এছ) জনোৱা অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫ । ইয়াৰ উৎপত্তিস্থল মৰিগাঁও জিলা । এন চি এছৰ মতে, পুৱা ২.২৫ সংঘটিত হোৱা এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ১৬ কিলোমিটাৰ গভীৰতাত । এনচিএছে এক্স(X)ৰ জৰিয়তে কয় যে”২৭ ফেব্ৰুৱাৰীত ভাৰতীয় সময় মতে পুৱা ২.২৫ বজাত ২৬.২৮ উত্তৰ অক্ষাংশ আৰু ৯২.২৪ পূব দ্ৰাঘিমাংশত অৱস্থিত অসমৰ ৫ প্ৰাবল্যৰ এটা ভূমিকম্প সংঘটিত হয় । ইয়াৰ গভীৰতা 16 কিঃমিঃ ।” অৱশ্যে এই ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো ধৰণৰ ক্ষতি হোৱাৰ তথ্য পোহৰলৈ অহা নাই।