মহিলা মল্লযোদ্ধাসকলৰ যৌন আতিশয্য চলোৱা অপৰাধীৰ শাস্তিৰ দাবীত প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা মল্লযোদ্ধা সকলৰ ওপৰত যৌন আতিশয্য চলোৱা অপৰাধী ব্ৰীজভূষণ চাৰণ সিঙক অবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবীত আজি গুৱাহাটীত অল ইণ্ডিয়া এম এছ এছ- মেইৰা পাইবী’ৰ বিক্ষোভ আন্দোলন সাব্যস্ত কৰে৷দেশলৈ সুনাম কঢ়িয়াই অনা মহিলা মল্লযোদ্ধা সকলৰ ওপৰত যৌন আতিশয্য চলোৱা অপৰাধী, ভাৰতীয় ৰেচলিং ফেডাৰেচনৰ সভাপতি তথা বিজেপি দলৰ সাংসদ ব্ৰীজভূষণ চাৰণ সিঙক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত প্ৰায় এমাহ ধৰি দিল্লীৰ যন্তৰ-মন্তৰত মল্লযোদ্ধা সকলে চলাই যোৱা ধাৰাবাহিক আন্দোলন আৰু তেওঁলোকৰ দাবী আৰু আন্দোলনৰ সমৰ্থনত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন(এই আই এম এছ এছ) সহ বিভিন্ন দল-সংগঠনএ দেশজুৰি আন্দোলন চলাই থকা সত্বেও বিজেপি চৰকাৰে অপৰাধী জন তেওঁলোকৰ দলৰ সাংসদ হোৱা বাবেই, সকলোধৰণৰ গণতান্ত্ৰিক ৰীতি-নীতি আৰু মূল্যবোধক পদদলিত কৰি, অতিশয় ফেচীবাদী দৃষ্টিভঙ্গীৰে, নিৰ্লজ্জ ভাৱে এতিয়াও ব্ৰীজভূষণ চাৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ পৰা আতৰি আছে।আজি গুৱাহাটীত অল ইণ্ডিয়া এম এছ এছ আৰু মেইৰা পাইবীৰ যৌথ উদ্যোগত চৰকাৰৰ স্বৈৰাচাৰী মানসিকতাক তীব গৰিহনা জনোৱা আৰু ব্ৰীজভূষণ চাৰণ সিঙক অবিলম্বে গ্ৰপ্তাৰৰ দাবীত গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। এই আই এম এছ এছ ৰ সভানেত্ৰী ডাঃ চিত্ৰলেখা দাস, সহ-সম্পাদক স্বৰ্ণলতা চলিহা আৰু মেইৰা পাইবীৰ ৰাজ্যিক কমিটীৰ সভানেত্ৰী জয়া দেবীৰ পৰিচালনাত সংগঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী সকলে গুৱাহাটীৰ মণিপুৰী বস্তীৰ ৰাজবাৰী ক্লাবৰ পৰা এক শোভাযাত্ৰা উলিয়ায়। শোভাযাত্ৰা জি এছ ৰোডেৰে আগবাঢ়ি উলুবাৰী চাৰিআলিত উপস্থিত আৰু তাত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত বক্তব্য ৰাখে এই আই এম এছৰ পক্ষৰ পৰা ৰাজ্যিক সভানেত্ৰী ডঃ চিত্ৰলেখা দাস আৰু মেইৰা পাইবীৰ পক্ষৰ পৰা জয়া দেবীয়ে। সভাৰ শেষত বিক্ষোভকাৰী সকলে আকৌ শোভাযাত্ৰা কৰি ৰাজবাৰী ক্লাবলৈ উভতি আহে।