মহিলা আৰু শিশু বিকাশ বিভাগ, সংকল্প : জিলা মহিলা সবলীকৰণ মাজুলী উদ্যোগত সামৰ্থ বিকাশ কাৰ্যসূচী

মহিলা আৰু শিশু বিকাশ বিভাগ, সংকল্প : জিলা মহিলা সবলীকৰণ মাজুলী উদ্যোগত সামৰ্থ বিকাশ কাৰ্যসূচী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ মটিয়াবাৰীস্থিত সপ্তৰ্শী গুৰুকুলত মহিলা আৰু শিশু বিকাশ বিভাগ, সংকল্প : জিলা মহিলা সবলীকৰণ মাজুলী উদ্যোগত সামৰ্থ বিকাশ কাৰ্যসূচী এক পদক্ষেপ হিচাপে মহিলা ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা আৰু স্বাস্থ্য ব্যৱস্থাপনা আৰু চেনিটেৰী নেপকিন বিতৰণৰ ওপৰত এক কাৰ্যসূচী অনুষ্ঠিত হয়। সভাখনত বিদ্যালয়খনৰ ছাত্ৰী সকলক উদ্দেশ্যি জিলা মিছন সমন্বয়ক , সংকল্পঃ জিলা মহিলা সবলীকৰণ কেন্দ্ৰ , মহিলা আৰু শিশু বিকাশ বিভাগৰ কুকি বৰুৱাই ঋতুস্ৰাৱৰ সময়ত ল’ব লগা সাৱধানতা আৰু পৰিষ্কাৰ  পৰিচ্ছন্নতা ওপৰত এক সজাগতা মূলক বক্তব্য আগবঢ়ায় । অনুষ্ঠানটিত উপস্থিত থাকে সপ্তৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষককে ধৰি বিদ্যালয়খনিৰ শিক্ষক শিক্ষয়িত্ৰী সকল , সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ বিষয়া সকল ।