মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰহস্যৰ সুবিচাৰৰ দাবীত জাতীয় মহিলা শক্তি ( অজাপ)ৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এগৰাকী অতিশয় সম্ভাৱনাপূৰ্ণ সৎ সাহসী মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰহস্যৰ সুবিচাৰৰ দাবীত অজাপৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি, কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত তথা অজাপৰ জিলা সমিতিৰ সহযোগত জু ৰ’ডৰ কমাৰ্চ পইন্টত এটি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। বিভিন্ন দল-সংগঠনৰ লগতে অসম জাতীয় পৰিষদেও জোনমণি ৰাভাৰ মৃত্যুৰহস্যৰ এক নিৰপেক্ষ উচ্চস্তৰীয় আইনী তদন্তৰ দাবী জনাই আহিছে । তাৰেই সৈতে সংগতি ৰাখি আজি মহিলা শক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷উক্ত কাৰ্যসূচীত জিলা মহিলা শক্তিৰ সভানেত্ৰী বুলুমণি গগৈ , সম্পাদিকা মুনমুন মজুমদাৰ, কেন্দ্ৰীয় যুটীয়া সম্পাদিকাদ্বয় কাকলি বৰদলৈ, মৌচুমী বৰা, সাংগঠনিক সম্পাদিকা ৰুনুমী বৰা, অজাপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সঞ্জীৱ কুমাৰ বৰা, অজাপৰ জিলা সমিতিৰ সভাপতি দীপক দেৱ চৌধুৰী, উপ-সভাপতি মনোজ বসুমতাৰী, সম্পাদক ৰূপ কুমাৰ দাস তথা জাতীয় যুৱ শক্তিৰ বিষয়ববীয়া সদস্যসকলৰ লগতে মহিলা সতীৰ্থসকল উপস্থিত থাকে।