মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ ফাইনেলত প্ৰৱেশ মনু ভাকেৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পেৰিছ অলিম্পিকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে ৷ চলিত অলিম্পিকত তাৰকা শ্বুটাৰগৰাকীয়ে ইতিমধ্যে দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছে মনুৱে।পেৰিছত আন এক পদক জয়ৰ দিশে আগবাঢ়িছে মনু ভাকৰে ৷ভাৰতীয় শ্বুটাৰ মনু ভাকৰে ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত নিজৰ উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখি মুঠ ৫৯০ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷ অৱশ্যে, মনু ভাকেৰে সফলতা লাভ কৰিলেও এই শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আন এগৰাকী ভাৰতীয় শ্বুটাৰ ঈশা সিং ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয়। এতিয়া মনু ভাকেৰে যদি এতিয়া ২৫ মিটাৰ পিষ্টল ইভেণ্টতো পদক লাভ কৰে, তেন্তে ক্ৰীড়া ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হ’ব মনু ভাকেৰ।একেদৰে অলিম্পিক ইতিহাসত তিনিটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হ’ব মনু ভাকেৰ।মনুৱে আজি ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত ফাইনেল খেলিব।