মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে চলি আছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন।  পুৱা ১১.০০ বজালৈকে ঝাৰখণ্ডত ভোটদানৰ হাৰ হৈছে ৩১.৩৭শতাংশ আৰু মহাৰাষ্ট্ৰত পুৱা ১১.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ১৮.১৪ শতাংশ। উল্লেখ্য যে, ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।  এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ১৪৮ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছে ১০৩খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই ৮০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এন চি পি দলে ৫৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে- ৯.৭ কোটিৰো অধিক। ইয়াৰ ভিতৰত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হৈছে- ৪৭,৩৯২ গৰাকী। একেদৰে যুৱ ভোটাৰৰ সংখ্যা হৈছে- ২২,২২,৭০৪ জন। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে- ৬,১০১ জন।ইফালে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো।  ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। ইয়াৰে ৬০.৭৯লাখ ভোটাৰ হৈছে মহিলা।