মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে দেবেন্দ্র ফাড়নাভিছে
ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বিজেপিৰ নেতা, দুবাৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্র ফাড়নাভিছে। মহাৰাষ্ট্ৰত বিধানসভা নির্বাচনত মহাবিজয়েৰে অভিলেখ গঢ়া মহাযুটিৰ বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নাভিছক মায়ানগৰী মুম্বাইৰ আজাদ ময়দানত আয়োজিত বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শপতবাক্য পাঠ কৰোৱায় ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাসহ এনডিএৰ শক্তি প্ৰদৰ্শনৰ অনুষ্ঠানত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত লয় দেৱেন্দ্ৰ ফাড়নাভিছে। ২৩ নৱেম্বৰত নির্বাচনী ফলাফল ঘোষণাৰ বহু জটিলতাৰ অন্তত একাদশ দিনত মুখ্যমন্ত্রী হিচাপে দেৱেন্দ্ৰ ফাড়নাভিছক চূড়ান্ত কৰা হয়। এনডিএৰ শক্তি প্ৰদৰ্শনৰ বিশাল শপতগ্রহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাসহ ১৯ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্রহণ কৰে। উদ্যোগপতি মুকেশ আম্বানিৰ পৰিয়াল, আদিত্য বিৰলাকে ধৰি কেইবাজনো পুঁজিপতিৰ লগতে ক্রীড়া জগতৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ পৰিয়ালৰ উপৰি মুম্বাইৰ বলীউডৰ মহাৰথী শ্বাহৰুখ খান, ছলমান খান, ৰণবীৰ কাপুৰকে ধৰি অনেক চেলিব্রিটীয়ে এই শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰে। শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত লোৱা দেৱেন্দ্ৰ ফাড়নাভিছক অভিনন্দন জ্ঞাপন কৰে। ইপিনে প্রাক্তন মুখ্যমন্ত্রী শিৱসেনাৰ নেতা একনাথ শিন্দেই উপ-মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে। আনপিনে প্রাক্তন উপ-মুখ্যমন্ত্রী এনচিপিৰ নেতা অজিত পাৱাৰকো শপতবাক্য পাঠ কৰোৱায় ৰাজ্যপালগৰাকীয়ে। শপত লোৱাৰ পাছত অজিত পাৱাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰত ঘোষিত মহাৰাষ্ট্ৰৰ ২৮৮জনীয়া বিধানসভাৰ ফলাফলত মহাযুটিয়ে ২৩০খন আসন লাভ কৰি দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হয়। মহাযুটিৰ বিজেপিয়ে ১৩২খন আসন লাভ কৰাৰ বিপৰীতে একনাথ শিন্দেৰ শিৱসেনাই ৫৭ আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪১খন আসন লাভ কৰে।