অনলাইন বাৰ্ত্তাসেৱা – কৰোনাভাইৰাছ মহামাৰীৰ বাবে মহাৰাষ্ট্ৰত লকডাউনসদৃশ নিষেধাজ্ঞা ১৫ দিনলৈ বৃদ্ধি কৰা হৈছে কিন্তু ১ জুনত নতুন কৈ নিৰ্দেশনা জাৰী কৰা হ’ব, স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে কয়।মহাৰাষ্ট্ৰ ৰাজ্যিক কেবিনেটে বৃহস্পতিবাৰে এক বৈঠকত এপ্ৰিলৰ মাজভাগৰ পৰা ৰাজ্যখমত চলাচল আৰু ব্যৱসায়ৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল।টোপে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, “লকডাউনৰ ক্ষেত্ৰত, ১৫ দিনৰ সম্প্ৰসাৰণ কৰা হৈছে, কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত নিৰ্দেশনা ১ জুনত জাৰী কৰা হ’ব।”