মহাৰাষ্ট্ৰত বিজেপি-নেতৃত্বাধীন মহায়ুটিৰ মহাবিজয়

মহাৰাষ্ট্ৰত বিজেপি-নেতৃত্বাধীন মহায়ুটিৰ মহাবিজয়

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰত মহাযুটিৰ মহাবিজয়। দেশবাসীৰ দৃষ্টি নিবন্ধ হৈ থকা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত মহায়ুটিয়ে অভিলেখসংখ্যক আসনেৰে বিজয় সাব্যস্ত কৰে। ২৮৮জনীয়া বিধানসভাত চৰকাৰ গঠনৰ প্ৰয়োজনীয় সংখ্যা ১৪৫ অতিক্রম কৰি বিজেপি-শিবসেনা আৰু এনচিপিৰ মহাজোঁটে ২৩৬খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিৰোধী মহাবিকাশ আঘাড়ী নির্বাচনী ফলাফলত শোচনীয় পৰাজয়ৰ সম্মুখীন হয়। একপ্ৰকাৰ মহায়ুটিৰ সন্মুখত মহাবিকাশ আঘাড়ীৰ প্ৰদৰ্শন অতি শোচনীয় হৈ পৰে আৰু ৪৮খন আসনতে সীমাবদ্ধ হৈ থাকে। বিজেপি নেতৃত্বাধীন এনডিএত মুখ্যমন্ত্রী একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনা আৰু উপ- মুখ্যমন্ত্রী অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে পূৰ্বৰ তুলনাত অধিক আসন লাভ কৰাই নহয়, বিভক্ত হোৱাৰ পিছত নির্বাচন আয়োগে স্বীকৃতি দিয়া উদ্ধৱ থাৰে শিৱসেনা আৰু শাৰদ পাৱাৰ শিৱসেনাৰ অস্তিত্বক প্রায় নস্যাৎ কৰি দিয়ে। আজি ঘোষিত ফলাফলত ২৮৮খন আসনৰ ভিতৰত বিজেপিয়ে ১৩২খন আসন লাভ কৰাৰ বিপৰীতে শিৱসেনাই ৫৭ আৰু এনচিপিয়ে ৪১খন আসন লাভ কৰে। ইয়াৰ বিপৰীতে মহাবিকাশ আঘাড়ীৰ কংগ্ৰেছে ১৬, শিৱসেনা (উদ্ধৱ থাকে) ২০ আৰু এনচিপি (শাৰদ পাৱাৰ)-এ ১০খন আসন লাভ কৰে। ইয়াৰ উপৰি সমাজবাদী পার্টীয়ে দুখন, জেএছএছে দুখন, ভাৰতীয় যুৱ স্বাভিমান পার্টীয়ে এখন, ৰাষ্ট্ৰীয় সমাজপক্ষ এখন, চিপিআই(এম) এখন, পিডব্লিউপিআয়ে এখন, আৰএছভিএ এখন আৰু নিৰ্দলীয়ই দুখন আসন লাভ কৰে। ২৮৮ জনীয়া বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই ১৩২খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে। আনহাতে এনচিপিয়ে ৪১খন আসনত জয় লাভ কৰে, শিৱসেনাই ৫৭খনত জয়লাভ কৰে। কংগ্ৰেছে ১৬খনৰ ভিতৰত ১২খনত জয়ী হৈছে, চাৰিখনত অগ্রগতি লৈ আছে। মহাৰাষ্ট্ৰত মহায়ুটিয়ে অভিলেখসংখ্যক আসনেৰে জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি শীর্ষ নেতাসকলে মুখ্যমন্ত্রী একনাথ শিন্দে, উপ- মুখ্যমন্ত্রী দেৱেন্দ্র ফার্ণারিজ আৰু উপ-মুখ্যমন্ত্রী অজিত পাৱাৰক অভিনন্দন জ্ঞাপন কৰিছে। মহায়ুটিয়ে বিজয় সাব্যস্ত কৰাৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা উপ-মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফার্ণাৱিজে অভিমন্যু হৈ বিৰোধীৰ চক্ৰবেহু কিদৰে ভংগ কৰিব লাগে, তেওঁ জানে বুলি মন্তব্য কৰিছে। তদুপৰি এই নির্বাচনে প্রকৃত শিৱসেনা আৰু প্ৰকৃত এনচিপিৰ স্বীকৃতি ৰাইজে শিন্দে আৰু অজিত পাৱাৰক দিলে বুলিও কয় ফার্ণাৱিজে।