মহাৰাষ্ট্ৰত কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ
অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰিয়াবলৈ (Slap) কৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ গ্ৰেপ্তাৰৰ এটা ভিডিঅ’ অনলাইনত প্ৰকাশ পাইছে, য’ত দেখুওৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা সময়ত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী উপস্থিত হৈছিল। কিছুমান বিজেপি কৰ্মীয়ে আৰক্ষী কৰ্মী আৰু ৰাণেৰ মাজত থিয় হৈ ৰাণেক লৈ যোৱাত বাধা দিয়া দেখা গৈছিল।
(UD)