মহাশিৱৰাত্ৰিত স্নানেৰে সামৰণি পৰিল মহাকুম্ভমেলাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহাশিৱৰাত্ৰিৰ স্নানেৰে সামৰণি পৰিল মহাকুম্ভমেলাৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভমেলা ২০২৫ৰ সফলতাৰে সামৰণি পৰে। বিশ্বৰ সৰ্ববৃহৎ সমাৱেশ হিচাপে পৰিগণিত মহাকুম্ভমেলাত দেশ-বিদেশৰ কোটি কোটি ভক্তই অমৃত স্নান কৰি আধ্যাত্মিক ভাবত বুৰ গ’ল। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৪৫দিনীয়া এই মহাকুম্ভমেলাত ৬৪ কোটিতকৈও অধিক ভক্তই ত্রিবেণী সংগমত অমৃত স্নান কৰে। ডেৰশ কোটি টকা ব্যয়সাপেক্ষে আয়োজিত এই মহাকুম্ভমেলাই ৰাজ্যখনৰ অর্থনীতিলৈ তিনি লাখ কোটিতকৈও অধিক টকাৰ ৰাজহ অৰিহণা যোগায়। ১৫ লাখ জনসংখ্যাৰ চহৰ প্ৰয়াগৰাজে দেশ-বিদেশৰ ৬৪ কোটিতকৈও অধিক ভক্তক হাঁহিৰে আদৰণি জনোৱাটো কঠিন প্রত্যাহ্বান আছিল যদিও আয়োজকৰ সঠিক ব্যৱস্থাপনাৰ বাবে দুই-এটা বিক্ষিপ্ত ঘটনাক বাদে সুকলমে ৪৫দিনীয়া মহাকুম্ভমেলাৰ সামৰণি পৰে। ১৩ জানুৱাৰীত আৰম্ভ হোৱা এই মহাকুম্ভমেলাৰ অমৃত স্নানৰ ৪৫ দিনত মহাশিৱৰাত্ৰিৰ দিনা কেইবালক্ষ ভক্তৰ অমৃত স্নানেৰে সামৰণি পৰে। মহাশিৱৰাত্ৰিৰ দিনা অমৃত স্নানৰ বাবে ভিৰ কৰা ভক্তৰ ওপৰত ভাৰতীয় বায়ুসেনা বাহিনীয়ে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰে। এই মহাকুম্ভমেলাত দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা কেবিনেট মন্ত্ৰীসকলৰ লগতে দেশৰ-ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ৰাজনীতিকসকলে অমৃত স্নান কৰে। এই মহাকুম্ভমেলাত ৪০তকৈও অধিক দেশৰ কূটনীতিকে অমৃত স্নান কৰি একতা আৰু বিশ্ব এক পৰিয়াল বাৰ্তাৰে আয়োজন কৰা মহাকুম্ভমেলাক সফল কৰি তোলে।