“মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাঙ্গনত মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন”

“মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাঙ্গনত মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন”

দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও পুৰণিগুদামৰ নৰসিংহ ক্ষেত্ৰত আচাৰ্য্য বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত প্ৰতিষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাঙ্গনত পবিত্ৰ মাঘী পূৰ্ণিমাৰ শুভক্ষণত ঐতিহাসিক শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ছয় দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে।এই মহান যজ্ঞভাগত এইবাৰ ভৃগুগিৰি বাবাৰ সুপুত্ৰ শ্ৰী সঞ্জয় শৰ্মা শাস্ত্ৰীদেৱ যযমান হিচাপে উপস্থিত আছে। কালি অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে জলাহৰণ,বেদধ্বনি,গুৰুপূজন,অগ্নিআহৰণ তথা ধৰ্মধ্বজা উত্তোলন আদি কাৰ্য্যসূচীৰে মূল যজ্ঞ আৰম্ভ হয়।ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টৰ ট্ৰাষ্টী ৰিনিকি ভূঞা শৰ্মাই। এই মহান যজ্ঞ ভাগিৰ পূৰ্ণাহুতি অনুষ্ঠিত হ’ব অহা ২০ ফেব্ৰুৱাৰী দেওবাৰে। শ্ৰী শ্ৰীমহামৃত্যুঞ্জয় যজ্ঞ উদযাপন সমিতিৰ হৈ মূখ্য পৃষ্ঠপোষক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা,সভাপতি মনোজ জালান,সম্পাদক ৰাম অবতাৰ আগৰৱালা,শ্ৰীশ্ৰী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টৰ সমূহ ট্ৰাষ্টীসকলৰ লগতে মন্দিৰৰ লগত জড়িত সমূহ কৰ্মকতাই সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সাদৰেৰে কামনা কৰিছে।