মহামাৰী
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সময় আৰু পৰিস্থিতি কেতিয়াবা মানুহৰ জীৱনৰ বিভীষিকা সৃষ্টি কৰে ।”কৰ’না ” মহামাৰী সময়ত বহুতৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল। তেনে সময়ত সকলো মানুহৰ জীৱনলৈ এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। মধুসোলেং গাঁওৰ মানুহ খিনিয়েও এক বিভীষিকা পৰিবেশৰ অন্যতম সাক্ষী ।
সেই গাঁওৰ অৰুণিমা , মানসী , অনুৰাধা মধুসোলেং গাঁওৰ ৰাংঢালী মৰমিয়াল যুৱতী ।ভৱেন্দ্ৰ,চুমন হতো কৰ্মমূখী যুৱক । মধুসোলেং গাঁওখনৰ বিবাহ,উৎসৱ সকলোতে সিহঁতে লাগি ভাগি দিয়ে।সেই কাৰণে সিহঁতৰ উপস্থিতি গাঁওৰ সকলোৱে কামনা কৰে।এনেদৰে ডেকা-গাভৰু সকলৰ আগভাগ লৈ কাম কৰাৰ কাৰণেই গাঁওখন লেখত ল’বলগীয়া।
কিন্তু সিহঁতৰ মাজত অৰুণিমা আৰু ভবেন্দ্ৰ কেতিয়া প্ৰেমত পৰিল গমকে নেপালে! গভীৰ প্ৰেমত দুয়ো এনেকৈ বান্ধ খালে এদিনো নেদেখাকৈ থাকিব নোৱাৰা হ’ল ।দুয়োৰে ঘৰত কথাটো জানিবলৈ পোৱাত, অৰুণিমাক পিতাকৰ খং উঠিল আৰু তাইক ঘৰৰ পৰা ওলাব নিদিয়া হ’ল।
এদিন দুয়ো ঘৰত গম নিদিয়াকৈ মনে মনে পলাই আহিল । মন্দিৰত বিয়া পাতিলে আৰু লগৰ বন্ধু-বান্ধৱীৰ সহায়ত গাঁওৰ এটা মূৰত অকণমান খালি ঠাই আছিল তাতেই জুপুৰি এটি সাজি ল’লে ।এনেদৰে সেই ঠাই খিনিতে চাফ চিকুনকৈ লৈ অকণমান পাচলি খেতি কৰিলে ।লাহে লাহে সুন্দৰ পৰিৱেশ এটি গঢ়ি তুলিলে।তেনেকৈ এখন সুখৰ সংসাৰ গঢ়াৰ সপোন ৰচি, পতি/পত্নীৰ দুয়ো এজনে আনজনৰ হাতৰ লাখুটি হৈ, সিহঁতৰ জুপুৰি ঘৰটো অকণমান পোহাৰই তুলিছিল মাত্ৰ। অৰুণিমা আৰু ভৱেন্দ্ৰ দুয়ো দিনটো কঠোৰ পৰিশ্ৰম কৰে।লাহে লাহে সিহঁত তিনিটা সন্তানৰ পিতৃ-মাতৃ হ’ল। সিহঁতক পঢ়াই শুনাই উপযুক্ত নাগৰিক হিচাপে গঢ় দিব’লৈ দুয়ো যথেষ্ট কষ্ট কৰে ।সেই মতে জীৱন নিৰ্বাহ কৰি আহিছে ।তাৰ বাবে সিহঁত পতি/পত্নী ঘৰত পাচলি আদিৰ খেতি কৰাৰ উপৰিও,দিন হাজিৰা ঘৰত তাঁত শাল ইত্যাদি অনেক কাম কৰি যায়। দিনবোৰ ভালদৰেই গৈ আছিল।
কিন্তু হঠাতে মহামাৰী কৰোনাৰ আবিৰ্ভাৱ হোৱাত গাঁও খনৰ বেছি ভাগ পৰিয়ালৰ লোক এই মহামাৰীৰ চিকাৰ হল ।অনেকৰ ঘৰ উছন্ন হ’ল । তাৰ ভিতৰত ভগৱানে অৰুণিমা আৰু ভৱেন্দ্ৰকো কাঢ়ি লৈ গল এই সংসাৰ পৰা ,সন্তান তিনিটা নিথৰুৱা কৰি । সন্তান তিনিটাৰ মূৰত আকাশী সৰগ ভাঙি পৰিল ।কি কৰে ক’ত যায়? সিহঁতে চকুৰে “সৰিয়হ ফুল “দেখিলে ।
মোমায়েক হতৰ লগতো সম্পৰ্ক নাই ,ঘাট মাউৰা সন্তান তিনিটা বহুত দিন মাক/দেউতাকৰ দুখত ম্ৰিয়মান হৈ থাকিল । সময় বোৰ এনেকৈ গৈ থাকিল। পৰিস্থিতিয়ে বাধ্য কৰিলে সিহঁতে নিজৰ জীৱনৰ গতিপথ স্থিৰ কৰিবলৈ ।ঘৰতো খোৱা বোৱাৰ অভাৱ হ’ল ।
লাহে লাহে গাঁওৰ মানুহৰবোৰেও খা -খবৰ নোলোৱা হ’ল ।সিহঁতেও বুজি পালে হাত সাৱতি বহি থাকিলে নহ’ব। ডাঙৰ ল’ৰা সন্তাটোই ভায়েক /’ভনীয়েকক মৰম কৰি বুজালে ।সিহঁত তিনিও প্ৰথমে ঘৰ বাৰী সকলো চকু ফুৰাই চালে। নিজৰ জীৱন পৰিচালিত কৰিবলৈ ডাঙৰ সন্তানটোই সৰু দুটাক লগত লৈ ঘৰৰ বাৰীতে থকা কল -কচু গোটেই ল’লে, পথৰ দাঁতিত এখন বস্তা পাৰি সামগ্ৰী খিনি বেছিবলৈ ধৰিলে ।ডাঙৰ সন্তানটোই মাক-দেউতাকৰ দায়িত্ব পালন কৰাৰ লক্ষ্য স্থিৰ কৰি ,অনাগত ভৱিষ্যতলৈ নিজকে প্ৰস্তুত কৰিলে।