মহাভাৰতৰ চৰিত্ৰৰ দ্বাৰা শিকিব লগা কথা
মুন শৰ্মা ,লখিমপুৰ
বিশ্বৰ যি কেইখন মহাকাব্য আছে তাৰে ভিতৰত আমাৰ ভাৰতৰ দুখন মহাকাব্য ৰামায়ন আৰু মহাভাৰত । ইয়াৰে মহাভাৰত হ’ল সকলো কেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাকাব্য। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি যি চাৰি যুগ আছে তাৰে তৃতীয় যুগ দ্বাপৰৰ এটি পৰিয়ালৰ মাজৰ যুদ্ধই মূলতে ইয়াৰ কাহিনী।এই মহাকাব্য খনৰ জৰিয়তে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় দেখুওৱা হৈছে।
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি ভগৱান বিষ্ণুৰ অন্যতম এক অৱতাৰ শ্ৰীকৃষ্ণ মূলত,মূল চৰিত্ৰ হিচাপে থকা ইয়াত ৰামায়নৰ দৰে বহু চৰিত্ৰ বিদ্যমান। যিবোৰ দ্বাৰা বৰ্তমান সময়তো গ্ৰহণযোগ্য কিমান শিক্ষা ই আজিৰ কলি যুগত ও দি আহিছে। যাৰ দ্বাৰা ভাল বেয়া বিচাৰ কৰি আমি জীৱন যুদ্ধত আগুৱাই গলে বহুতো বিপদৰ পৰা ৰক্ষা পাব পাৰো আৰু বহুতো সফলতা লাভ কৰাত সহজ হৈ পৰিব বুলি মানি লব পাৰোঁ।
মহাভাৰতত যি নাই সেয়া জগতত নাই বুলি এটা কথা প্ৰচলিত এক ধাৰণা থকা ইয়াৰ প্ৰতি চৰিত্ৰই আমাক শিকাই, কয় বিভিন্ন কথা। মহাকাব্য খনৰ কেইটামান ডাঙৰ চৰিত্ৰ যেনে ভীষ্ম, দুৰ্যোধন, কৰ্ণ, এই কেইজনৰ পৰা শিকিব লগা বহুত আছে বৰ্তমান সময়্ত মানুহে গতিকে আহক চমুকৈ আলোচনা কৰোঁ
মহাভাৰতৰ এজন মহান বীৰ ভীষ্ম। প্ৰথমে নাম আছিল দেৱব্ৰত, তেওঁ কৰিছিল এদিন ভীষণ প্ৰতিজ্ঞা ফলত তেওঁৰ নাম হয় ভীষ্ম। কোনো দিনে সলনি নহল এই প্ৰতিজ্ঞা, শেষত তেওঁ এই প্ৰতিজ্ঞাৰ বাবেই নিজৰ হাতৰ মুঠিত থকা সমস্ত ক্ষমতা প্ৰয়োগৰ দ্বাৰা একো কৰাৰ একো দুঃখিত হৈ ইচ্ছামৃত্যু হবলৈ বাধ্য হ’ল। এতিয়া কথা হ’ল ইমান এজন ডাঙৰ বীৰ ইচ্ছা মৃত্যু কিয় হ’ল! আচলতে তেওঁ সলনি হ’ব নোৱাৰা স্বভাৱ বাবে। কাৰণ এদিন তেওঁ যি প্ৰতিজ্ঞা কৰিছিল সেইয়া সেই সময়লৈ ঠিকেই আছিল কিন্তু লাহে লাহে সময় বাগৰি গ’ল আৰু সেই প্ৰতিজ্ঞা কোনো অৰ্থ নোহোৱা হ’ল, তথাপি তেওঁ পৰিবৰ্তন নহ’ল। শেষত পৰিবৰ্তন হ’ব নোৱাৰা বাবেই তেওঁ এজন মহান বীৰ হৈও একো কৰিব নোৱাৰিলে শেষ সময়্ত। গতিকে ইয়াৰ দ্বাৰা এটা কথা বুজিব পাৰি মানুহ সদায় সময়ৰ লগত খাপ খুৱাই নিজক প্ৰস্তুত কৰি তুলিব লাগে বিভিন্ন সময়ত।আজি আপোনাৰ যিটো ভাল সেইটো আপোনাৰ কাইলৈ বাবে ভাল নহ’ব পাৰে, সেইয়েহে আজি যি স্বভাৱ আপোনাৰ আছে সেইয়া একেই নাৰাখি সময়ে সময়ে অলপ সলনি কৰি চলিব পাৰিলে ভাল।
এতিয়া আহো কৰ্ণ কথালৈ, তেওঁ আছিল মহাভাৰতৰ কুৰুক্ষেত্ৰ যি বিখ্যাত যুদ্ধ সেই যুদ্ধৰ সকলোকৈ শক্তিশালী যোদ্ধা,যি কথা ভগৱান কৃষ্ণই ও কৈছিল। তথাপি তেওঁ সেই যুদ্ধত কৰুণ মৃত্যুক সাৱটিব লগা হ’ল কাৰণ তেওঁ লাভ কৰিছিল দুজন মানুহৰ পৰা দুটা সাপ এজন হ’ল তেওঁৰ গুৰু পৰশুৰাম আন জন এজন ব্ৰাহ্মণ। পৰশুৰামে দিছিল তেওঁক মিছা কথা কোৱা বাবে আৰু ব্ৰাহ্মণ জনে দিছিল এটা জীৱ হত্যা কৰাৰ বাবে। এতিয়া তেওঁৰ জীৱনৰ পৰা শিকিব লগা কথাটো হ’ল, মিছা কথা নক’ব কাৰণ যিমানেই মিছা নকওঁক কিয় এদিন সত্য আৱিষ্কাৰ হ’ব সেইটো খাটাং। দ্বিতীয়তে এনেকুৱা ভুল কাম নকৰিব যিবোৰৰ বাবে আপুনি কৰা সকলো কষ্ট সকলো জ্ঞান এদিন অথলে যায়। আকৌ তেওঁৰ দ্বাৰা আৰু এটা কথা শিকিব পাৰি যে, কেতিয়াও নিজক শ্ৰেষ্ঠ ভাবি নলব, প্ৰমাণ নোপোৱা কৈ, কাৰণ প্ৰতি সময়ত নিজক শ্ৰেষ্ঠ বোলাটো মূৰ্খতা মাত্ৰ।
এই সকলৰ ওপৰি দুৰ্যোধনৰ আমি কিছুমান কথা শিকিব পাৰোঁ। মহাভাৰতৰ মূল খলনায়ক যাৰ বাবেই কুৰুক্ষেত্ৰ ৰণ হ’বলৈ পালে ,তেওঁ হ’ল ৰজাৰ পুতেকত, সকলো আছে তথাপি আনৰ বস্তু লৈ লোভ বেছি, লোভই পাপ, পাপেই মৃত্যু কথাটো খাতে তেওঁৰ লগত। আনৰ ভাল দেখিব নোৱাৰা, অহংকাৰ , জ্যেষ্ঠ জনক সন্মান কৰিব নজনা, নাৰীক উচিত সন্মান নিদিয়া বাবেই তেওঁৰ শেষত নিজৰ ভায়েকৰ হাততে প্ৰাণ দিব লগা হ’ল। তেওঁ চৰিত্ৰই ইয়াকে শিকাই যে মানুহ যি আছে তাতে সন্তষ্ট হ’ব লাগে অধিক লোভ কৰাটো বেয়া কথা। নিজক লৈ ইমান অহংকাৰ নকৰিব যিয়েই আপোনাক এদিন পতন ঘটাই, ইমানলৈ নাযাব যাৰ দ্বাৰা জ্যেষ্ঠ জনক অপমানিত হয়। আৰু নাৰী সদায় সন্মান কৰিব নাৰীক অপমান কৰা মানে জানিব আপোনাৰ ভৱিষ্যত বেয়া দিশে গতি কৰিছে।