‘মহাবীৰ লাচিত কাপ’ ফুটবল প্ৰতিযোগিতাৰ আদৰণি সমিতি গঠন

‘মহাবীৰ লাচিত কাপ’ ফুটবল প্ৰতিযোগিতাৰ আদৰণি সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হবলগীয়া মহাবীৰ লাচিত কাপ শীৰ্ষক আন্ত:মহাবিদ্যালয় (under 20) ফুটবল প্ৰতিযোগিতাখনি নগাঁও জিলাত সাফল্যমণ্ডিত কৰিবৰ বাবে এখনি আদৰণি সমিতি গঠন কৰা হয় ।য’ত নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদক তাপন কুমাৰ দাসক সভাপতি আৰু ৰাজু ৰয়ক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। বৈঠকত বিশেষভাৱে উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সম্পাদক হেৰল্ড মহন৷ সভাত মহনে প্ৰতিযোগিতাখনিৰ বিষয়ে বিতংকৈ অৱগত কৰে। ইয়াৰ উপৰিও অহা অহা ২৭,২৮ আৰু ২৯ ডিচেম্বৰত লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া ৩০ তম ৰাজ্যিক অধিবেশনৰ পষ্টাৰ মুকলি কৰা হয়।