মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্ম ঃ এটি বিশ্লেষণ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া ভাষা, সাহিত্য, কলা, কৃষ্টি সংস্কৃতি আদিক সংস্কাৰ সাধন কৰি অসমীয়া জাতিক বিশ্বদৰবাৰত স্বকীয় মৰ্যাদাৰে প্ৰতিষ্ঠা কৰিছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ মূল মন্ত্ৰ ” এক দেৱ ,এক সেৱ ,এক বিনে নাহি কেৱ ” গোটেই ভাৰততে বিয়পি পৰা নৱ বৈষ্ণৱ ভক্তি আন্দোলনৰ বৈপ্লৱিক চিন্তা-চৰ্চাৰ আলমত গঢ়ি উঠিছিল।
পোন প্ৰথমে সপ্তম – দশম শতাব্দীত তামিলনাডুৰ আলোৱাৰ সকলে খৃষ্টীয় চতুৰ্থ শতাব্দীৰ পৰৱৰ্তী বহুতো প্ৰত্নলিপিত লিপিবদ্ধ হোৱা বাসুদেৱ, বিষ্ণু আৰু আদি দেৱতাৰ নাম আৰু প্ৰশস্তি পত্ৰক অৱলম্বন কৰি ভক্তি আন্দোলনৰ সূত্ৰপাত কৰিছিল। দ্বাদশ শতিকাত ৰামানুজাচাৰ্যই ভক্তিক দাৰ্শনিক ভেটিত স্থাপন কৰি শ্ৰীবৈষ্ণৱ সম্প্ৰদায় সৃষ্টি কৰি ভক্তি আন্দোলনৰ সূত্ৰপাত কৰে। ৰামানুজৰ দাৰ্শনিক মতবাদক বিশিষ্টাদ্বৈতবাদ বুলি কোৱা হয়। মহাৰাষ্ট্ৰ প্ৰান্তত জ্ঞানদেৱে আৰু নামদেৱে দ্বাদশ -ত্ৰয়োদশ শতিকাত ভক্তি ধৰ্ম প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰিছিল। কৰ্ণাটক আৰু গুজৰাটত মধ্বাচাৰ্য আৰু আনন্দগিৰিয়ে ত্ৰয়োদশ শতিকাত দ্বৈত সিদ্ধান্ত স্থাপন কৰি বৈষ্ণৱ ভক্তি প্ৰচাৰ কৰিছিল।মালাধাৰ বসুৰ ভাগৱত অনুবাদ কৰি শ্ৰীকৃষ্ণ বিজয় প্ৰাক চৈতন্য যুগৰ ৰচনা। উৰিষ্যাত বলৰাম দাসে ৰামায়ণ আৰু সৰলা দাসে মহাভাৰত আৰু জগন্নাথ দাসে ভাগৱত পুৰাণ ১৫শ আৰু ১৬শ শতাব্দীত অনুবাদ কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকালৈকে মহাৰাষ্ট্ৰত জ্ঞানেশ্বৰ , নামদেৱ, একনাথ, তুকাৰামে আদি বৈষ্ণৱ সন্ত আৰু কবি সকলে ৰামায়ণ, মহাভাৰত আৰু গীতা অনুবাদ আৰু গীত ৰচনাৰ মাজেৰে বৈষ্ণৱ ভক্তি মাৰ্গ প্ৰচাৰ কৰিছিল।
গুজৰাটী ভাষাত ভক্ত কবি নৰসিংহ মেহতা আৰু মীৰাবাঈ , আখো শ্যামল আৰু প্ৰেমানন্দৰ ভক্তি ৰচনা উল্লেখযোগ্য। দক্ষিণ ভাৰতৰ বিজয় নগৰৰ হিন্দু ৰজাসকলৰ পৃষ্ঠপোষকতাত তেলেগু আৰু কানাড়ী সাহিত্যৰ উৎকৰ্ষ সাধন হৈছিল ।
নৱ বৈষ্ণৱ জাগৰণৰ প্ৰধান লক্ষণ দুটা হ’ল —
১/ ভগৱদ্ভক্তিৰ প্ৰতি মানুহৰ মন আকৰ্ষণ কৰাৰ লগে লগে অহিংসা,দয়া , প্ৰেম, সাম্যভাৱ আদি কোমল প্ৰবৃত্তি কৰ্ষণ কৰি সুস্থ নৈতিক জীৱনৰ আদৰ্শ গঢ়ি তোলা।
২/নৱ বৈষ্ণৱ আন্দোলনে বেছিভাগ ক্ষেত্ৰতে প্ৰান্তীয় ভাষাসমূহক প্ৰচাৰৰ মাধ্যম হিচাপে লোৱাৰ ফলত বিভিন্ন পুৰাণ, ইতিহাস আদি প্ৰান্তীয় ভাষাসমূহত অনুবাদ হোৱাৰ বাবে ভাষাসমূহৰ উৎকৰ্ষ সাধন হৈছিল। লগে লগে ভক্তিমূলক গীত,মাত প্ৰচাৰ হোৱাৰ বাবে সুকুমাৰ কলা কৃষ্টি সংস্কৃতি সাহিত্য আদিৰ উন্নতি সাধন হ’বলৈ আৰম্ভ হয়।
মুঠতে ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈকে নৱ বৈষ্ণৱ ভক্তি আন্দোলনৰ জোঁৱাৰ উঠাৰ ফলত ভাৰতৰ প্ৰান্তীয় ভাষাসমূহ আৰু সাহিত্যৰ উন্নতি সাধন হ’বলৈ ধৰিলে।
শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্মই ভক্তি মাৰ্গক জ্ঞান আৰু কৰ্মতকৈ শ্ৰেষ্ঠ বুলি গ্ৰহণ কৰিছে। শংকৰী নাম ধৰ্মৰ লক্ষ্য বাসুদেৱ কৃষ্ণ আৰু উপায় এক শৰণ অব্যাভিচাৰিণী ভক্তি। শঙ্কৰী ধৰ্ম শ্ৰীমদ্ভাগৱত পুৰাণৰ সাৰমৰ্মৰ ওপৰত প্ৰতিষ্ঠিত। তেখেতৰ ৰচনাৰ মাজত ভাগৱত পুৰাণৰ শ্ৰেষ্ঠতা ” সমস্ত বেদান্ত সাৰ” সৰ্বশ্ৰুতি,শিৰোৰত্ন,পৰম বেদান্ত ভাগৱত ইত্যাদি উল্লেখ আছে।
এই ভক্তি মাৰ্গৰ মাজতো ন প্ৰকাৰ ভক্তিৰ ভিতৰত হৰি নাম শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠত্ব দিয়া হৈছে।
” যদ্যপি ভকতি নৱবিধ মাধৱৰ
শ্ৰৱণ-কীৰ্তন তাতো মহা শ্ৰেষ্ঠত্বৰ ( প্ৰথম স্কন্ধ)
শঙ্কৰদেৱৰ দৰ্শন অদ্বৈতবাদৰ দৰে কোৱা হৈছে যদিও বহুতো পণ্ডিতৰ মতে অসমৰ বৈষ্ণৱাচাৰ্য শঙ্কৰদেৱৰ দৰ্শন ৰামানুজৰ দৰ্শনৰ সৈতে হুবহু মিলি যায়।
অসমৰ বৈষ্ণৱ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শনত কতো জগতক সত্য বুলি কোৱা নাই। আনকি শঙ্কৰাচাৰ্যৰ দৰে তেৱোঁ কৈছে —
” অসন্তু জগতখন তোমাত উদ্ভৱ ভৈল।
সন্তু যেন প্ৰকাশে সদায়।। (কীৰ্তন, ১৬৭০)
অদ্বৈতবাদী শঙ্কৰাচাৰ্যৰ দৰে গুৰুজনায়ো মায়াবাদৰ উল্লেখ কৰিছে—
” যত দেখা যত শুনা
যতেক মনত গুণা
সৱে মায়াময় স্বপ্নসম ।
সমস্তে জনতে হৰি
জানিবা নিশ্চয় কৰি
গুচায়ো বুদ্ধিৰো ইটো ভ্ৰম ।।
( কীৰ্তন, ১৮৯৫)
পুনৰ
” তুমি সত্য ব্ৰহ্ম মিছা জগত স্ৰজনা ।
তোমাৰ মায়ায়ে কৰে তোমাৰ কল্পনা।। ( কুৰুক্ষেত্ৰ ৪৮৮)
” যত দেখা মায়াময় সৱে স্বপ্নসম ।
হৰিময় দেখি দূৰ কৰা মতিভ্ৰম।। ( ভাগৱত,১১শ ১৯২৬)
আনকি মায়াৰ আৱৰণ বা বিলেপন শক্তিৰ বিষয়ে শঙ্কৰদেৱে সুন্দৰ বৰ্ণনা দিছে–
” অবস্তুক দেখাৱয় বস্তুক আৱৰি।
এহিসে মোহোৰ মায়া জানা নিষ্ট কৰি ।।
নাথাকিতো দেখি যেন চন্দ্ৰমা উদয়।
থাকিতো ৰাহুক যেন কেহো নেদেখয়।।
এহিমতে মায়া আৰ কৰি ঈশ্বৰক।
আশাৰ বিষয় তাক দেখাৱে জীৱক।। ( ভাগৱত,২য় ২২৮,২২৯)
একামেবাদ্বিতীয়ম। এক হৈয়ো বহু হোৱাটোৱে মায়াঃ
” নিত্য নিৰঞ্জন স্বপ্ৰকাশ আত্মা এক।
মায়া উপাধিৰ পদে দেখিয়ো অনেক।।”
ৰামানুজৰ মতে জীৱ-জগত ব্ৰহ্মৰ অংশ। গতিকে এই অংশ বিলাক সত্য নহৈ নোৱাৰে। শঙ্কৰদেৱে কোনো কোনো ঠাইত জীৱক ব্ৰহ্মৰ অংশ বুলি কৈছে–
” যত জীৱ জঙ্গম কীট পতঙ্গম ।
অগ-নগ-জগ তেৰি কায়া (বৰগীত)
আৰু
” কঙ্কণ কুণ্ডল ঘট গঢ়ে হেমহাৰ ।
একে সুবৰ্ণতে দেখি অনেক আকাৰ ।।”
কিন্তু এই ” অংশ ” (জীৱ) বা অনেক আকাৰ শঙ্কৰদেৱৰ মতে সত্য নহয়। ৰামানুজৰ মতে এইবোৰ সত্য। এইখিনিতে ৰামানুজৰ সৈতে শঙ্কৰদেৱৰ মূল পাৰ্থক্য। শঙ্কৰাচাৰ্যৰ দৰে গুৰুজনায়ো কৈছে —
” ব্ৰহ্ম ব্যতিৰেকে মিছা যত দেখা জ্ঞান।
জৰীত উপজি আছে যেন সৰ্প জ্ঞান।।”
ইয়াৰ উপৰিও উপমা অদ্বৈতবাদৰ পৰা লোৱা হৈছে।
” সূৰ্য ৰশ্মি হোৱে যেন মহামেঘগণ।
সূৰ্য-অঙ্গ চক্ষুক তথাপি কৰে ছন্ন।।”
ব্ৰহ্মৰ স্বৰূপ অহঙ্কাৰ যদি হয়।
ব্ৰহ্ম অংশ জীৱক তথাপি আৱৰয়।।”
ধৰ্ম আৰু উপাসনা পদ্ধতিত মিল নাথাকিলেও দাৰ্শনিক দৃষ্টিত শঙ্কৰাচাৰ্য আৰু শঙ্কৰদেৱৰ মাজত কোনো বিৰোধ নাই। দুয়ো জগতখনৰ ” মিথ্যাত্ব” আৰু ব্ৰহ্মৰ সত্যতা প্ৰতিপন্ন কৰিছে। মায়াই ব্ৰহ্মৰ স্বৰূপ ঢাকি ৰাখে আৰু আমাৰ আগত এখন মায়া জগত সৃষ্টি কৰে। এই মায়া জগতকে আমি সত্য বুলি ভাৱো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যদিও নাম ধৰ্মৰ ( শ্ৰৱণ-কীৰ্তন আদি) ওপৰতহে গুৰুত্ব দিছিল আৰু কৈছিল যে, কেৱল ভকতি কৰিলেই সকলো সিদ্ধি হয়, তথাপি স্থান বিশেষে তেৰাই জ্ঞানৰ আৱশ্যকতাৰ কথা নুই কৰা নাই। মায়াৰ বাবে অজ্ঞানতা, অহঙ্কাৰ আদিৰ জন্ম। ইয়াক দূৰ কৰিবলৈ হ’লে জ্ঞান-অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। বহুতে ভাৱে ভক্তিত জ্ঞানৰ স্থান নাই। এই ধাৰণা ভুল। অৱশ্যে ভক্তি নহ’লে জ্ঞানৰ উদয় হ’ব নোৱাৰে।
” ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান।”
যদি জ্ঞানৰ দ্বাৰা মায়াৰ বান্ধোন বা কৰ্ম-বন্ধন ছেদ কৰিব পাৰি, তেন্তে কিয় মহাপুৰুষীয়া ধৰ্মৰ নাম ধৰ্ম বা শ্ৰৱণ কীৰ্তনৰ কথা কোৱা হৈছে?
প্ৰকৃতাৰ্থত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি আৰু জ্ঞানৰ মাজত বৈৰিতা দেখুওৱা নাই।
বৰং কৈছে যে, ভক্তিৰ পৰাই জ্ঞানৰ উদয় হয়। সেয়েহে তেওঁ ভক্তিত গুৰুত্ব দিছে। ভক্তি কেৱল নাম ধৰ্ম বা শ্ৰৱণ কীৰ্তনতে শেষ নহয়। ভক্তি নৱলক্ষনাঃ শ্ৰৱণ, কীৰ্তন,অৰ্চন,বন্দন, স্মৰণ, পদসেৱন, দাস্য, সখিত্ব আৰু দেহ নিবেদন।
প্ৰথম পদক্ষেপ শ্ৰৱণ কীৰ্তন আৰু শেষ পদক্ষেপ দেহ নিবেদন অৰ্থাৎ সমস্ত শৰীৰ ঈশ্বৰক সমৰ্পণ কৰাই হৈছে ভক্তিৰ শেষ পদক্ষেপ।
ইয়াৰ ভিতৰত প্ৰথম দুবিধ শ্ৰৱণ কীৰ্তন হৈছে শ্ৰেষ্ঠতম বুলি কোৱা হৈছে।
উক্ত কথাখিনিৰ পৰা এই সিদ্ধান্তলৈ আহিব পাৰি যে, ভক্তি কেৱল শ্ৰৱণ কীৰ্তনতে শেষ নহয় ; তথাপি শ্ৰৱণ কীৰ্তনত বেছি গুৰুত্ব দিয়া হৈছে। এইবাবেই যে, শ্ৰৱণ-কীৰ্তনৰ মাধ্যমেদিহে পৰ্যায় ক্ৰমে ভক্তিৰ বাকী খিনি স্তৰ পাব পাৰি।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ আধাৰ ভাগৱতৰ প্ৰথম স্কন্ধতেই শুকদেৱে ভক্তিৰ শ্ৰেষ্ঠত্ব সুস্পষ্ট ভাবে প্ৰকাশ কৰিছে –
” ভকতিবিহীন জ্ঞান কৰ্ম সৱে ব্যৰ্থ।
কহিলো স্বৰুপে বেদান্তৰ তত্ত্ব অৰ্থ।।
সৱে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ।
কেৱলে দিয়োক ভকতিৰ উপদেশ।। “
নাম ধৰ্মকেই কলি যুগৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম বুলি নিৰ্ণয় কৰা হৈছে।
ভক্তি-আপ্লুত একনিষ্ঠ নাম-ধৰ্মক জাতি ধৰ্ম -নিৰ্বিশেষে সকলোৱে পৰম ধৰ্ম বুলি গ্ৰহণ কৰিছে।
কৃষ্ণ-নাম শ্ৰৱণ কীৰ্তন কৰিলে সকলো বাঞ্চিত ফল পোৱা যায়।
” কলিৰ পৰম উপায় নাম।
একদায়ে সিক্তে জিতয় কাম।।
উপজে পুণ্য পাপ হোৱে দূৰ।
মিলে মহা মোক্ষ- সুখ-প্ৰচুৰ।।
( ভাগৱতৰ তাৎপৰ্য)
শঙ্কৰী ধৰ্মৰ ‘ কৃষ্ণ’ পদে পৰম ব্ৰহ্মৰ অৰ্থ প্ৰকাশ কৰিছে। ” পৰব্ৰহ্ম কৃষ্ণ” ইত্যাভিধীয়তে ( মহাভাৰতঃ উদ্যোগ পৰ্ব )
শঙ্কৰী ধৰ্ম জন কল্যাণ কামী আৰু জাতি-বৰ্ণ, দেশ-কাল নিৰন্তৰ ধৰ্ম হিচাপে বিষ্ণু-কৃষ্ণ সগুণ লীলাধাৰী অন্তৰ্যামী ঈশ্বৰ। তেৱেঁই কেতিয়াবা অৰ্জুনৰ সাৰথি, সুহৃদ আৰু উপদেষ্টা, কেতিয়াবা বংশীধাৰী গোপিকাবল্লভ আৰু ভাগৱতৰ ধৰ্মীয় কাহিনীৰ নায়ক ৰূপে প্ৰকাশ। তেৱেঁই কেতিয়াবা বিশ্বাতিগ আৰু কেতিয়াবা অন্তৰ্যামী ভৱ-ভাৱন্তা ৰূপে নানা ৰূপত ভক্ত বৎসল বা অৰিন্দম ৰূপে বৰ্ণনা কৰা হৈছে। তেওঁ বিশ্ব জগতৰ নাম-ৰূপধাৰী বিশিষ্ট সত্তাত আৱদ্ধ নহয় , কিন্তু তেৱেঁই জগতৰ অধিষ্ঠাতা আৰু অন্তৰ্যামী ৰূপে বিশ্ব জগতক চৈতন্য প্ৰদান কৰিছে।
” ঈশ স্বৰূপে হৰি
সব ঘটে বৈঠহ
যৈচন গগন বিয়াপি । ( বৰগীত)
আকৌ
” হামু যত জীৱ
শিৱ তেৰি অংশ
কাহে ওহি মোহ বন্ধ।। ( বৰগীত)
জীৱৰ সমকামিতা আৰু সাম্যৰ সূত্ৰ ঐশ-শিৱ স্বৰূপ ভগৱৎ চৈতন্য। কেৱল জীৱ ৰূপেহে জাগতিক মায়াৱদ্ধ প্ৰাণী। উপনিষদ বোৰত অদ্বৈত বেদান্ত তত্ত্ব, সাংখ্য দৰ্শনৰ মৌলিক তত্ব আৰু সিদ্ধান্তবোৰ, বিশিষ্টাদ্বৈতবাদী তত্ত্ব, দ্বৈত তত্ত্ব আদি থকাৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ মহাপুৰুষীয়া এক শৰণ নামধৰ্মক প্ৰচাৰ কৰাৰ মানসেৰে সৃষ্টি কৰা সাহিত্যৰাজি আৰু শাস্ত্ৰীয় নৃত্য, সংগীত আদিত অদ্বৈত বেদান্তৰ তত্ত্ব সাংখ্য দৰ্শনৰ মৌলিক তত্ব আৰু সিদ্ধান্তবোৰ বিশিষ্টাদ্বৈতবাদী তত্ত্ব, দ্বৈত তত্ত্ব আৰু বিভিন্ন তত্ত্বসমূহ ভাগৱত পুৰাণৰ আধাৰত নিৰ্মিত হৈ প্ৰসঙ্গক্ৰমে উল্লেখ হৈছে।
থুলমূল ভাবে এয়াই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ মূল দৰ্শন। তেখেতে এই নৱ বৈষ্ণৱ ভক্তি আন্দোলনৰ বৈপ্লৱিক চিন্তা-চৰ্চাক ” এক শৰণ নাম ধৰ্মৰ মাজেৰে প্ৰকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া ভাষা, সাহিত্য, কলা, কৃষ্টি, সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰাৰ উপৰিও অসমৰ সামাজিক, অৰ্থনৈতিক বান্ধোন কটকটীয়া কৰি অসমীয়া জাতিক বিশ্বদৰবাৰত স্বকীয় মৰ্যাদাৰে প্ৰতিষ্ঠা কৰিছিল। সেয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বা জনক হিচাপে ইতিহাসৰ বুকুত চিৰদিনৰ বাবে স্বৰ্ণাক্ষৰে জলজল-পটপটকৈ জিলিকি থাকিব।