মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ‘এ ব্ৰেইন ষ্টৰ্মিং চেচন এ ৱে ফৰৱাৰ্ড’ অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় তথা বিশ্বৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যাৱতীয় পৰিকল্পনা কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ গুৱাহাটী চৌহদত কালি ‘এ ব্ৰেইন ষ্টৰ্মিং চেচন-এ ৱে ফৰৱাৰ্ড’ অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই পৰিচালনা কৰা এই কাৰ্যসূচীত অসম চৰকাৰৰ শৈক্ষিক উপদেষ্টা ড° ননী গোপাল মহন্তৰ লগতে বিভিন্ন ক্ষেত্ৰৰ অন্যান্য বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে । অধ্যাপক ননী গোপাল মহন্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা, সমগ্ৰ দেশজুৰি শংকৰদেৱৰ ভক্তি আন্দোলনৰ দৃষ্টান্তৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । তেওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় এন ই পিৰ বিষয়েও উল্লেখ কৰাৰ লগতে চাহিদাৰ ওপৰত ভিত্তি কৰি সমসাময়িক বিষয়সমূহৰ দ্বাৰা অন্তৰ্ভুক্ত কৰি পৰম্পৰাগত পাঠ্যক্ৰমসমূহৰ সলনিৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা আৰু বিত্ত বিভাগৰ সঞ্চালক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই অংশগ্ৰহণকাৰীসকলক আদৰণি জনায় আৰু আশা কৰে যে এই আলোচনাই বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে অন্যান্য ৰণনীতি তৈয়াৰ কৰাত সহায় কৰিব । অনুষ্ঠানত জনপ্ৰিয় ইংৰাজী কাকত দ্য আচাম ট্ৰিবিউনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভাৰ কথা মনত ৰাখি এই বিশ্ববিদ্যালয়খনৰ বাবে শান্তি নিকেতন মডেলৰ পৰামৰ্শ দিছিল ৷ অনুষ্ঠানত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান পৰিচালক ড° অমল চন্দ্ৰ কটকী, প্ৰতিষ্ঠিত লেখক, সমালোচক ময়ূৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকা, অসম দক্ষতা অভিযানৰ মেনেজিং ডাইৰেক্টৰ অনুৰাজ জৈন, ড° সুৰেশ নাথ, ড° মুকুলেশ বৰুৱা, ড° মৃণাল কুমাৰ বৰাৰ লগতে অন্যান্য জ্যেষ্ঠ অধ্যাপকসকলও অংশ লয় ৷