পাঁচশ বছৰৰো আগতেই অসমক এক বিশ্বমানৰ সমৃদ্ধ কলাত্মক পৰিসীমালৈ আগুৱাই লৈ গৈছিল এগৰাকী মনীষীয়ে। সেইগৰাকী আছিল সৰ্বগুনাকৰ, জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাই নিৰ্মাণ কৰি উলিয়াইছিল ʼবৃন্দাৱনী বস্ত্ৰ’ যʼত অংকিত হৈছিল শ্ৰীকৃষ্ণৰ বৃন্দাৱনৰ লীলাখেলা। দেশ ইংৰাজৰ অধিন হোৱাৰ পিছত সেই বস্ত্ৰ ইংৰাজে লৈ গৈ নিজ দেশ ঐতিহ্যমন্ডিত কৰি তুলিলে। সম্প্ৰতি বৃটিছ মিউজিয়ামত (৫টা মিউজিয়ামত খণ্ড খণ্ড ৰূপত সংৰক্ষিত) থকা বৃন্দাৱনী বস্ত্ৰ তিব্বতৰ “গৱছি” নামৰ ঠাইৰ পৰা সংগ্ৰহ কৰা ( বস্ত্ৰখনৰ বিষয়ে লিখি ৰখা টোকাত উল্লেখ আছে )। বৃন্দাৱনী বস্ত্ৰৰ যি ডিজাইন সেয়া সদাগৰ সকলৰ চকুত পৰিছিল আৰু নানান শিল্পকৰ্মত খটুৱাবলৈ আকৰ্ষিত হৈছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে, গুৰুজনাই আসমক আৰু বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত সমগ্ৰ শিল্পগত দিশটোত গোটেই বিশ্বই আকৰ্ষিত হ’ব পৰাকৈ আগুৱাই লৈ গৈছিল। গুৰুজনাক কোনোবাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বহু আগতেই তেখেতৰ কৰ্মৰাজি নিজে নিজে গৈ প্ৰতিষ্ঠিত হৈ পৰিল বিশ্বৰ প্ৰান্তে প্ৰান্তে। সেই সময়ত অসমত হোৱা কত দুৰ্যোগ, ৰাজনৈতিক অত্যচাৰ আদিৰ ফলতহে হয়তো সেই বস্ত্ৰ তিব্বতৰ গৱছি গৈ পালে। তাৰ পিছতো, এতিয়াও কিন্তু বস্ত্ৰখনে নিজৰ পৰিচয় হেৰুৱাই পেলোৱা নাই। কাৰণ সেয়া নিৰ্মাণ কৰিছিল এগৰাকী বিশ্বমানৰ শিল্পীয়ে। সেয়ে সেই কাৰ্য বিশ্বত সমাদৃত।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে বাৰ্লিনত (১৯৩০) সাহিত্যিক, অধুনিক স্থাপত্য আৰু বিশ্ববিখ্যাত ভাস্কৰ্য শিল্পী Epstein ৰ নতুন ভাস্কৰ্য দেখি আহিছিল। ১৯৩১ চনত বৰদোৱালৈ গৈ নামঘৰৰ খুটাবোৰত অধুনিক স্থাপত্য আৰু এপষ্টেইনৰ ভাস্কৰ্যৰ সাদৃশ্য দেখি জ্যোতিপ্ৰসাদ বিস্ময়াভূত হৈছিল। ভাৱিষ্যিতিক স্থাপত্য আৰু ভাস্কৰ্যৰ যি ৰূপ তেওঁ বিদেশত দেখি আহিছিল তাৰ সুন্দৰ প্ৰকাশ গুৰুজনাই পাঁচশ বছৰ আগতেই কৰি থৈ গৈছিল। নামঘৰৰ ভিতৰলৈ গৈ তেওঁ দেখিছিল, ”থাপনাখন দেখোন ʼCubist Designʼৰ, তাৰ আঁক–বাক বোৰৰ কোনোটো Impressionist, কোনোটো Symbolist শিল্পীৰ আলেখ্যৰ দৰে।“ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে, শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱ হ’ল বিশ্বশিল্পী আৰু দুয়োজনাই দুষ্কৃতিৰ বিৰুদ্ধে যুঁজি সংস্কৃতিক ৰক্ষা কৰিছিল। সেয়ে প্ৰাচীন হৈয়ো দুয়োগৰাকী শিল্পীয়েই জ্যোতিপ্ৰসাদৰ মানত আধুনিকতাৰ প্ৰতীক, ভাবিকালৰ প্ৰগতিশীল সংস্কৃতিৰ প্ৰতীক।
গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাট, বৰগীত, নৃত্য, ভাওনা, বিভিন্ন বাদ্য খোল, তাল, নাগাৰাকে আদি কৰি বিভন্ন বাদ্যৰ সৈতে সাঙোৰ খাই আছে এক সুবিশাল অৰ্থনৈতিক সম্ভাৱনা। নাট আৰু নৃত্যৰ লগত জড়িত পাৰদৰ্শী কলা–কুশলী, নৃত্যৰ সাজ পোচাকৰ লগত জড়িত কাপোৰ, চিলাই আদি কামত পাৰ্গত কলা–কুশলী, ভাওনাৰ মুখাশিল্পী, বৰগীত নাম–প্ৰসংগৰ লগত জড়িত খোল, তাল, নাগাৰা আদি বাদ্যৰ নিৰ্মান মেৰামতি, প্ৰশিক্ষণ, প্ৰদৰ্শন আদিৰ লগত জড়িত শিল্পসমূহ প্ৰত্যেকে একো–একোটা সম্ভাৱনাময় বৃহৎ উদ্যোগ হʼব পাৰে। ধৰ্মীয় ৰক্ষণশীলতা আৰু ʼঅৰ্থৰ বিনিময়ত কলাক বিক্ৰী নকৰো মনোভাৱʼ পৰিত্যাগ কৰি যুগৰ লগত খাপখোৱা প্ৰযুক্তি ব্যৱহাৰ কৰি বজাৰকৰণ (Marketing)ৰ জ্ঞান সমৃদ্ধ কৰি তুলিব পাৰিলে আৰ্থিক লাভালাভৰ উপৰিও কলা সমূহে স্থায়িত্ব লাভ কৰিব। আৰ্থিক লাভালাভ নাথাকিলে শিল্পী সকলৰ জীৱিকাৰ অন্য অৱলম্বন নাথাকিলে কলা সমূহ জীয়াই ৰখা কষ্টকৰ হয়। অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথা কʼব পাৰো যে, গুৰুজনাই আমাক কলাৰ মাধ্যমত এটা অৰ্থনৈতিক অৱলম্বন সেই তেতিয়াই দি থৈ গৈছে।
যি সময়ত চীনত কাগজৰ আৱিস্কাৰ হৈছিলহে মাত্ৰ। জন গুটেনবাৰ্গে আনকি ছপাশাল আৱিস্কাৰ (১৪৫৬) কৰি পেলালে। কিন্তু অসমত তাৰ একো প্ৰভাৱ পৰা নাছিল। তৎসত্ত্বেও গুৰুজনাই সেই সময়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ একো প্ৰভাৱে ঢুকি নোপোৱা অসম মুলুকত সাঁচিপাত ব্যৱহাৰ কৰিয়ে অসমীয়া সাহিত্য যিমান দূৰলৈ আগুৱাই লৈ গʼল, সম্ভৱ বিশ্বৰ কোনো পুৰুষে এটা জাতিক সকলো দিশতে, সিমান আগুৱাই লৈ যাব পৰা নাছিল।
স্বাস্থ্য সাধনাক লৈ আজি গোটেই বিশ্ব সচেতন হৈছে। শৰীৰ চৰ্চাৰ কাৰণে প্ৰাণায়াম, যোগাভ্যাস, ব্যায়াম আদিত মনোনিৱেশ কৰা দেখা যায়। কিন্তু ব্যক্তি আৰু সমাজৰ সামগ্ৰীক উন্নয়নত স্বাস্থ্য সাধনা যে অতি গুৰুত্বপূৰ্ণ সেই কথালৈ লক্ষ্য ৰাখিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানুহৰ মনোগ্ৰাহী হোৱাকৈ আওপকীয়াকৈ নাম প্ৰসংগ (আঁঠুলোৱা, চাপৰি ধৰা, হাতযোৰ কৰা ইত্যাদিবোৰ যোগাভ্যাসৰ অংশ), ৰাগ বিশিষ্ট বৰগীত (ৰাগৰ জৰিয়তে প্ৰাণায়াম), নৃত্য (নৃত্যৰ মাধ্যমত ব্যায়াম), অংকীয়া নাট, ভাওনা আদি সুকুমাৰ কলাৰ মাধ্যমেদি আমাক তাৰ উপায় সমূহ পাঁচশ বছৰৰো আগতেই (সকলতকৈ আগতেই) দি গৈছে। এই কলাসমূহ সাধনা কৰা ব্যক্তি সকলে বা পূৱা গধূলি নাম প্ৰসংগ বা নিয়মিত গুৰুসেৱা কৰা ব্যক্তি সকলে স্বাস্থ্য সাধনাৰ বাবে সুকীয়াকৈ যোগাভ্যাস কৰি সময় অপচয় কৰাৰ প্ৰয়োজনীয়তা নাথাকে। কেৱল আমি মাত্ৰ সেই সৰ্বগুনাকৰ গুৰুজনাৰ (দুয়োজনাৰ) অৱদান সমূহ অনুধাৱন কৰা দৰকাৰ।