মহানায়ক নিপন গোস্বামীৰ মহা প্ৰয়ানত একাজলি শ্রদ্ধাঞ্জলি …..
কবিতা শর্মা, দিল্লী
ডিচেম্বৰ – জানুৱাৰী মাহৰ দিন আছিল সেইবোৰ৷ পঢ়া শুনাৰ তাগিদাতো গৰম কাপোৰৰ উমৰ আমেজ এৰি বিছনা এৰিবলৈ মন নোযোৱা দিন৷ ৰাতি নৌপুৱাওঁতেই দুৰৈত পিকনিক পাৰ্টিৰ বাচবোৰত বাজি থকা মাইকৰ পৰা ভাহি আহে তেতিয়াৰ জনপ্ৰিয় গীতৰ কলি … মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি … বা কি নাম দি মাতিম, মাতিম তোমাক … আমাৰ টোপনি ভাঙে … চকুৰ আগত ভাহি উঠে সুদৰ্শন নায়ক এজনৰ অভিনয়ৰ মনোমোহা দৃশ্য৷ তেওঁ আন কোনো নহয় … জনপ্ৰিয়তাৰ শীৰ্ষত থকা আমাৰ সকলোৰে মৰমৰ অভিনেতা সদ্য প্ৰয়াত নিপন গোস্বামী ….
নিপন গোস্বামীৰ বিষয়ে লিখিবলৈ গৈ বাৰে বাৰে থমকি ৰৈছো৷ কি কম, কিয়েই বা লিখিম … নামেই যাৰ পৰিচয় … অভিনয় কলা যিজনৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বৈছিল৷ তেজপুৰৰ কলিবাৰীৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মসূত্ৰেই তেওঁ সৰুৰে পৰা ঘৰখনতে এক সাংস্কৃতিক পৰিবেশ লাভ কৰিছিল৷ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামী এগৰাকী সংগীত শিল্পী৷ স্কুলত পঢ়ি থাকোঁতেই মাত্ৰ আঠ বছৰ বয়সতে লাচিত বৰফুকন নামৰ নাটকত অভিনয় কৰিছিল৷ স্কুলৰ নাট প্ৰতিযোগিতা বোৰতো অংশ গ্ৰহণ কৰিছিল৷ তেজপুৰৰ বিখ্যাত বাণ থিয়েটাৰত নটসূৰ্য্য ফণি শৰ্মা, কলা গুৰু বিষ্ণু ৰাভাৰ দৰে মহান শিল্পী সকলে কৰা অভিনয়ৰ যোগেদি তেওঁ অভিনয় কৰিবলৈ প্ৰেৰণা পাইছিল৷ ১৯৫৭ চনত পিয়লি ফুকন বোলছবিত তেওঁৰ প্ৰথম অভিনয়৷ তেজপুৰতে স্কুল কলেজৰ শিক্ষা সাং কৰি তেওঁ পুণে ফিল্ম ইনষ্টিটিউটত অভিনয়ৰ প্ৰশিক্ষণ লয়৷ অসমত তেওঁৱেই প্ৰথমজন পেছাদাৰী প্ৰশিক্ষিত অভিনেতা হিচাপে পৰিচিতি লাভ কৰিছিল৷
পুণেত পঢ়ি থকা সময়তে তেওঁ পৰিচালক অমৰ পাঠকৰ সংগ্ৰাম নামৰ বোলছবিৰ নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ আমন্ত্ৰণ পাইছিল৷ নায়ক হিচাপে সেইখনেই তেওঁৰ প্ৰথম ছবি। দ্বিতীয় ছবি ড॰ বেজবৰুৱা৷ দুয়োখন ছবিত কৰা তেওঁৰ সাবলীল অভিনয়ৰ লগতে নায়কোচিত সুদৰ্শন চেহেৰা আৰু ব্যক্তিত্বই তেওঁক ইমানেই জনপ্ৰিয় কৰি তুলিছিল যে তেওঁ আৰু কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ ইখনৰ পাছত সিখনকৈ তেওঁ শতাধিক ছবিত অভিনয় কৰি গৈছিল৷ তেওঁ কেইবাখনো হিন্দী আৰু বঙালী ছবিতো অভিনয় কৰিছিল৷ ১৯৮১ চনৰ আজলী নবৌত অভিনয় কৰাৰ পাছৰে পৰা তেওঁ চৰিত্ৰাভিনয় কৰিবলৈ লৈছিল৷ অসাধাৰণ অভিব্যক্তি আৰু অভিনয় প্ৰতিভাৰ কাৰণে সকলোৱে চৰিত্ৰাভিনেতা হিচাপেও তেওঁক আদৰি লৈছিল৷ বোলছবিত অভিনয় কৰিলেও নাটক আৰু মঞ্চৰ প্ৰতিও তেওঁৰ সমানে আকৰ্ষণ আছিল৷ এমেছাৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰ দুয়ো ক্ষেত্ৰতে তেওঁ অভিনয়ৰ লগতে পৰিচালনাও কৰিছিল৷ কেইবাখনো টেলিফিল্মো তেওঁ পৰিচালনা কৰিছিল৷ পৰিচালক মুনীন বৰুৱাৰ সৈতে যৌথভাবে প্ৰতিমা নামৰ ছবিখন পৰিচালনা কৰিছিল৷ অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহনে ২০২১ ত ড॰ ভবেন্দ্ৰনাথ শইকীয়া বঁটাৰে তেওঁক সমানিত কৰিছিল৷
এগৰাকী শিল্পী কেবল মাত্ৰ তেওঁৰ শিল্পক্ষেত্ৰ খনত পোৱা সফলতাৰ বাবেই জনপ্ৰিয় নহয়৷ তাৰ বাবে অন্যান্য সজ গুণৰো প্ৰয়োজন৷ সুন্দৰ অভিনয়ৰ লগতে নিপন গোস্বামী আছিল এজন সহজ সৰল সহৃদয় ব্যক্তি৷ শিল্পী হিচাপে অত্যন্ত শৃংখলাবদ্ধ, পেছাদাৰী আৰু মানুহ হিচাপে সকলোকে সম দৃষ্টিৰে চোৱা, সকলোৰে সৈতে সমব্যৱহাৰ তেওঁৰ স্বভাবৰ বৈশিষ্ট্য আছিল৷ তেওঁৰ সান্নিধ্যলৈ অহা প্ৰতিজন ব্যক্তিৰ লগতে তেওঁ এক মধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ সাফল্যৰ উচ্ছ শিখৰত থাকিলেও তেওঁৰ নিৰহংকাৰী আৰু অমায়িক ব্যক্তিত্বই সকলোকে মোহাচ্ছন্ন কৰি তুলিবলৈ সক্ষম হৈছিল৷ নব প্ৰজন্মৰ বাবেও তেওঁ আছিল এক অনুপ্ৰেৰণা৷ মহাৰথী বোলছবিত তেওঁৰ সৈতে অভিনয় কৰা নপ্ৰজন্মৰ এগৰাকী সহশিল্পীয়ে এবাৰ এটা শ্বটৰ বাবে কমলাৰ বাকলিৰে চকুপানী উলিয়াব চেষ্টা কৰি থকা দেখি তেওঁ কৈছিল “ মা, তুমি ভাল অভিনয় কৰা৷ কিন্তু এয়া তুমি কি কৰি আছা? অভিনয় সদায় অন্তৰৰ পৰা হব লাগিব৷ এনে হব লাগিব যেন যি চৰিত্ৰত অভিনয় কৰিছা বাস্তৱ জীৱনত সেয়াই তোমাৰ চৰিত্ৰ৷ ” তেওঁৰ দৰে সহজ সৰল গুণী অভিনেতা বিৰল৷
সৌভাগ্যক্ৰমে তেওঁৰ দৰে এজন অভিনেতাৰ সান্নিধ্যলৈ অহাৰ সুযোগ মই পাইছিলোঁ৷ দেউতাৰ চাকৰি সংক্ৰান্তত তেতিয়া আমি ডিব্ৰুগড় চহৰত৷ সংগ্ৰাম বোলছবিৰ পৰিচালক অমৰ পাঠক আছিল দেউতাৰ জ্যেষ্ঠ বিষয়া৷ সেই সুবাদতে ইউনিতৰ প্ৰায় সকলো মানুহ আমাৰ ঘৰলৈ আহিছিল৷ ছবিখনৰ নায়ক নিপনদাক আমি তেনেকৈয়ে লগ পাইছিলো৷ এদিন স্কুলৰ পৰা আহি ঘৰ সোমাই হঠাতে দেখিলোঁ সুন্দৰ চেহেৰাৰ মানুহ এজন আমাৰ ড্ৰইংৰূমৰ কাষৰ ৰূমৰ বিছনা খনত গাৰু এটাত আউজি বহি আছে৷ মোক প্ৰথমবাৰৰ বাবে দেখিও অতি সহজভাবে তেওঁ কলে “চোৱাচোন ভন্তি, তোমাৰ মায়ে ইমান সোৱাদ লগাকৈ বিলাহীয়ে মাছে ৰান্ধি খুৱালে, মোৰ পেট একেবাৰে ফুলি গ’ল৷ কৈ তেওঁ নিজেই ডাঙৰকৈ হাঁহিলে৷ প্ৰথমবাৰৰ বাবে হঠাতে তেওঁক দেখি ময়ো থতমত খালো৷ কম বয়স আৰু মোৰ লাজকুৰীয়া স্বভাৱৰ বাবেই হয়তো মই সিদিনা তেওঁক একোৱেই কব নোৱাৰিলো৷ তাৰ পাছতো তেওঁ কেইবাবাৰো আমাৰ ঘৰলৈ আহিছিল৷ বোলছবি খনৰ নায়িকা বিদ্যা ৰাওৰ সৈতে বহুত সময় ধৰি আমাৰ ড্ৰাইং ৰূমত বহি ছবিৰ বিষয়ে বা অন্যান্য বিষয়ে আলোচনা কৰিছিল৷ তেওঁলোকৰ নিৰংহকাৰী আৰু অমায়িক ব্যক্তিত্বই মোক ইমান আকৰ্ষিত কৰিছিল যে কথা নকলেও তেওঁলোকৰ ওচৰতে বহি থাকিছিলো৷ তাৰ পাছতো নিপনদাক বিভিন্ন অনুষ্ঠানত কেইবাবাৰো লগ পাইছিলোঁ৷ দুবছৰ আগতে তেওঁক শেষবাৰৰ বাবে ৰবীন্দ্ৰভৱনত হোৱা এখন সভাত লগ পাইছিলোঁ৷ সেই সভাত সিদিনা অসমৰ জ্যেষ্ঠা আৰু স্বনাম ধন্যা অভিনেত্ৰী বিদ্যা ৰাওক সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হৈছিল৷ মানুহৰ উপস্থিতি সেৰেঙা৷ হল প্ৰায় খালী বুলিয়েই কব পাৰি৷ মই আৰু মোৰ স্বামীয়ে ভিআইপি বহা চিটৰ পাছৰ শাৰীত বহিলো৷ বিদ্যা ৰাও ইতিমধ্যে আমাৰ আগৰ শাৰীত বহিছে৷ অলপ সময় পাছতে নিপন গোস্বামী আহিল। ক’লা চুট পৰিহিত নায়ক জনৰ সেই একেই আকৰ্ষণীয় চেহেৰা, একেই ব্যক্তিত্ব। তেওঁ আহিয়েই বিদ্যা ৰাওৰ কাষৰ চিটত বহিলে৷ দুয়োৰে কথোপকথন আৰম্ভ হ’ল৷ অভব্য আচৰণ বুলি জানিও মই মোৰ কাণক সক্ৰিয় কৰিলোঁ৷ কিন্তু মোক আচৰিত কৰি নায়িকা গৰাকীয়ে নায়কক সুধিলে “ আজি কিহেৰে ভাত খালা?” তাৰ পাছত দুয়োৰে মাজত আমাৰ দৰেই শাক ভাত খোৱাৰ কথাই চলিল৷ মই অনুভৱ কৰিলো তেওঁলোকক আমি চেলিব্ৰিটিৰ দৰে দূৰৈৰ মানুহ বুলি ভাবিলেও তেওঁলোক আচলতে আমাৰ দৰেই সহজ সৰল সাধাৰণ মানুহৰে দৰেই৷
নিপন গোস্বামীৰ দৰে মহানায়কৰ মৃত্যু অসমৰ অভিনয় ক্ষেত্ৰখনৰ কাৰণে এক পূৰাব নোৱাৰা ক্ষতি৷ তেওঁ কি আছিল বা তেওঁৰ মৃত্যুত অসমৰ অভিনয় জগতখনৰ কি অপূৰণীয় ক্ষতি হ’ল সেয়া নতুনকৈ কবলগীয়া আৰু নাই৷ সেই কথা অসম বাসী ৰাইজে ভালদৰে জানে৷ মানুহৰ মৃত্যু এক স্বাভাবিক প্ৰক্ৰিয়া৷ জন্ম হোৱা জনৰ মৃত্যু এদিন নিশ্চিত৷ কিন্তু তেওঁৰ মৃত্যুৰ পাছতেই এটা কথা জানি মোৰ মন দুখেৰে ভৰি পৰিল, চকু সেমেকি উঠিল৷ তেওঁৰ মৃত্যুৰ তিনিদিন আগৰ কথা৷ আই চি ইউৰ বেডৰ পৰা মুখৰ পৰা অক্সিজেন মাস্ক গুচাই ডাক্তৰক সুধিছিল “মোৰ হস্পিতালৰ বিলটো কোনে দিব ? ” ভাবিলেও আচৰিত লাগে যে আজিৰ যুগতো নিপন গোস্বামীৰ দৰে চুপাৰ ষ্টাৰ এজনে জীৱনৰ বিয়লি বেলা চিন্তা কৰিব লগীয়া হ’ল হস্পিতালৰ বিলৰ কথা? ওৰেটো জীৱন যিজন শিল্পীয়ে নিজৰ অভিনয়ৰে অসমৰ সাংস্কৃতিক জীৱন সমৃদ্ধ কৰিলে কিয় তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈ অৰ্থৰ কথাকে ভাবি মানসিক অশান্তিত থাকিব লগীয়া হ’ল? কিয় অসমৰ সকলো ক্ষেত্ৰৰে শিল্পী সকলৰ এই দুৰ্দশা? কিয় চৰকাৰে তেওঁলোকলৈ ব্যৱস্থা নকৰে কোনো ধৰণৰ সাহায্যৰ? এই ক্ষেত্ৰত অসমৰ ৰাইজৰো কিছু কৰণীয় আছে৷ অসমীয়া ভাষা সঙ্কটত বুলি আমি মুখেৰে কৈ থাকিলেই সমস্যাৰ সমাধান নহয়৷ বৰ্তমান অসমীয়া বোলছবিৰ মানদণ্ড যথেষ্ট উন্নত হোৱা স্বত্বেও অসমীয়া চিনেমা একোখন ৰিলিজ হোৱাৰ দুদিন পাছতে হলত মানুহ সেৰেঙা হৈ পৰে য’ত নেকি বলিউদৰ চিনেমা একোখনত মানুহৰ ভিৰ দেখিলে আচৰিত লাগে৷ এইবোৰ কথাত আমি অসমীয়া ৰাইজ যদি সচেতন নহওঁ তেতিয়াহলে কোন হব?
এতিয়া ভাব হয় আমি বাৰু চেলিব্ৰিটি বুলিয়েই তেওঁলোকক দূৰলৈ ঠেলি দিওঁ নেকি ? তেওঁলোকৰ অলপমান সান্নিধ্য, দুখনমান চেলফি, এটা অটোগ্ৰাফেৰে আমি সন্তুষ্ট হৈ পৰো কিয় আমি কেতিয়াও চেষ্টা নকৰো তেওঁলোকৰ মনৰ খবৰ লবলৈ? কিয় আমি পাহৰি যাওঁ যে আমাৰ মনোৰঞ্জন কৰা সেই শিল্পী সকলৰো ভোক আছে, পৰিয়াল আছে, পৰিয়ালৰ প্ৰতি দায়িত্ব আছে, অসুখ-বিসুখ আছে৷ চৰকাৰলৈ অনুৰোধ যাতে শিল্পী সকলৰ বাবে সাহায্যৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰে৷ নিপন গোস্বামীৰ মৃত্যুৰ লগে লগে অসমীয়া বোলছবি জগতৰ এক বৰ্ণিল যুগৰ পৰিসমাপ্তি ঘটিল৷ কায়িক ভাবে তেওঁ আজি আমাৰ মাজত নাথাকিলেও তেওঁৰ কৰ্মৰাজি আৰু সজ গুণেৰে আমাৰ সকলোৰে হৃদয়ত সদায় অমৰ হৈ থাকিব৷ তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ এই শোকৰ সময়ত ধৈৰ্য্য ধৰিবলৈ ভগবানে তেওঁলোকক শক্তি দিয়ে যেন৷