মহানগৰীৰ ল’জৰ কোঠাত যুৱকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ ছয়মাইলত ল’জৰ কোঠাত যুৱকৰ মৃতদেহ উদ্ধাৰ।ছয়মাইলৰ ব্ৰহ্মপুত্ৰ ল’জৰ তৃতীয় মহলাৰ ৩০৫নং কোঠাত উদ্ধাৰ হৈ মৃতদেহটো। জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ৬.৫৬ বজাত যুৱকজনে লৈছিল কোঠাটো। তাৰ পাছত মাজনিশা চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। মৃত যুৱকজনক চানমাৰিৰ মৃণাল মেধি বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, নিশা ১২ বজাত হোটেলৰ কৰ্মচাৰীলৈ ফোন আহিছিল মৃণাল মেধিৰ প্ৰেমিকাৰ। মৃণাল মেধিয়ে বহু সময় ধৰি ফোন ৰিচিভ কৰা নাই বুলি জনাইছিল প্ৰেমিকাই। মৃণাল মেধিৰ প্ৰেমিকৰ ফোন লাভ কৰিয়েই লগে লগে যুৱকজনৰ কোঠাত উপস্থিত হয় হোটেলৰ কৰ্মচাৰী। কোঠাৰ দৰ্জা খোলাৰ পিছতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃণালৰ মৃতদেহ। যুৱকজনৰ আত্মহননৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য।ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়ে কতৃপক্ষই । নিশাই দিছপুৰ আৰক্ষী উপস্থিত হৈ চলাইছে ঘটনাৰ তদন্ত। প্ৰেমজনিত কাৰণতে যুৱকজনে আত্মহনন কৰাৰ সন্দেহ আৰক্ষীৰ।