মহানগৰীৰ গান্ধী মণ্ডপত গছপুলি ৰোপণ
ৰঙিলী বাৰ্ত্তাসেৱা- জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ২ অক্টোবৰত উত্তৰ-পূবৰ আগশাৰীৰ সমাজিক-সাংস্কৃতিক অনুষ্ঠান নেবকছৰ তত্ত্বাৱধানত আৰু এম মা প্ৰডাকচনৰ সহযোগত গুৱাহাটীৰ গান্ধী মণ্ডপত সমাপন হয় গছপুলি ৰোপণৰ কাৰ্যসূচী। নেবকছৰ সভাপতি গগণাষ্টম গগৈ আৰু এম মা প্ৰডাকচনৰ স্বত্বাধিকাৰ মনোজ কুমাৰৰ প্ৰচেষ্টাত সম্পন্ন হয় এই সেউজ কাৰ্যসূচী। দেশৰ ভৱিষ্যত প্ৰায় দহ গৰাকীৰো অধিক শিশুৰ দ্বাৰা ৰোপণ কৰা হয় গছপুলি ৰোপণ। পৃথিৱী সেউজ কৰাৰ লক্ষ্যৰে নেবকছ আৰু এম মা প্ৰডাকচৰ এয়া দীৰ্ঘদিনীয়া প্ৰচেষ্টা। গগণাষ্টম গগৈয়ে ‘গছ থাকিলেহে মানুহ থাকিব’ শ্ল’গানৰে জনাই যে, অনাগত দিনবোৰত এনেদৰে প্ৰকৃতি সুন্দৰ কৰাৰ উদ্দেশ্যেৰে ভিন্ন স্থানত গছপুলি ৰোপণ কৰি যাব।