মমতা দিদি অসমক ভাবুকি দিয়াৰ সাহস কেনেকৈ কৰিলে ? ৰঙা চকু নেদেখুৱাব অসমকঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মমতা বেনাৰ্জীৰ মন্তব্যই জ্বলাইছে দেশ।পশ্চিমবংগৰ এখন সভাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছিল যে কলকাতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যা ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ জৰিয়তে ৰাজ্যখনত জুই জ্বলাবলৈ চেষ্টা কৰিছে ৷ এই অভিযোগেৰে মমতা বেনাৰ্জীয়ে এক সভাত কয়, ‘‘কিছুমানে এই আন্দোলন বাংলাদেশৰ প্ৰতিবাদৰ সৈতে সাদৃশ্য থকা বুলি ভাবে ৷ মই বাংলাদেশক ভালপাওঁ, তেওঁলোকে আমাৰ দৰে কথা কয় । আমাৰ সংস্কৃতিও একে । অৱশ্যে বাংলাদেশ এখন সুকীয়া দেশ ৷’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়, ‘‘মোদী বাবু , আপুনি আপোনাৰ মানুহৰ জৰিয়তে বংগত জুই লগাবলৈ চেষ্টা কৰিছে । কিন্তু মনত ৰাখিব যে যদিহে পশ্চিবংগত জুই লগাবলৈ চেষ্টা কৰে তেন্তে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু দিল্লীও জ্বলিব । আৰু আপোনাৰো চকীখন থৰক-বৰক হৈ পৰিব ৷’’ মমতাৰ এই মন্তব্যৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অৱশ্যে, বেনাৰ্জীৰ সতৰ্কমূলক মন্তব্যক উভতি ধৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তথা পশ্চিম বংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে বুধবাৰে কলকাতাত হিংসাত্মক ঘটনাৰ সপক্ষে মন্তব্য় প্ৰদান কৰা মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখিছে অভিযোগ পত্ৰ। মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যম ‘এক্স’ৰ যোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,”দিদি, অসমক ভাবুকি দিবলৈ আপোনাৰ ইমান সাহস কেনেকৈ হ’ল ? আমাক ৰঙাচকু নেদেখুৱাব ৷ আপোনাৰ বিফলতাৰ ৰাজনীতিৰে ভাৰতক অগ্নিগৰ্ভা কৰিবলৈ চেষ্টা নকৰিব । বিভাজনমূলক ভাষা কোৱাটো আপোনাৰ বাবে শোভা নাপায়।” অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকায়ো মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি কয়, ‘‘মমতা বেনাৰ্জীয়ে গুণ্ডাগিৰি কৰিব নোৱাৰে ৷ আমাক ভাবুকি দিব নোৱাৰে । মই তেওঁক এই মন্তব্যৰ গৰিহণা দিছোঁ । তেওঁ নিজৰ ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু আমাক ভাবুকি দিছে । সেয়া হ’বলৈ নিদিও ৷ মমতা বেনাৰ্জীক অনুৰোধ জনাও যে তেওঁ যথেষ্ট জ্যেষ্ঠ নেত্ৰী ৷ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী ৷ গতিকে ৰাজহুৱা স্থানত কি কথা কোৱা উচিত তেওঁ জনা দৰকাৰ ৷’’