মন্ত্রী হিচাপে শপতগ্ৰহণ কৰিলে চাৰিগৰাকী নতুন মন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত সম্প্ৰসাৰণ ঘটিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ । চাৰিগৰাকীকৈ বিধায়ক অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হ’ল । শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রশান্ত ফুকন, ৰূপেশ গোৱালা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে মন্ত্রী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই চাৰিগৰাকী বিধায়কক মন্ত্রী হিচাপে কৰ্তব্য-নিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় । চাৰিগৰাকী বিধায়ক অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ মন্ত্রীৰ সংখ্যা মুখ্যমন্ত্রীকে ধৰি ১৮ গৰাকীলৈ বৃদ্ধি পালে । উল্লেখ্য যে বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে চাৰিগৰাকী নতুন মন্ত্রীৰ নাম ঘোষণা কৰাৰ পূৰ্বে মন্ত্রী সঞ্জয় কিষাণে মন্ত্রীপদ ত্যাগ কৰিছিল । যাৰ ফলত মন্ত্রীসভাৰ সংখ্যা ১৫ গৰাকীৰ পৰা ১৪ গৰাকীলৈ হ্ৰাস পাইছিল । শনিবাৰে চাৰিগৰাকীয়ে শপতগ্ৰহণ কৰাত মন্ত্রীৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পায় । ইয়াৰ লগে লগে অসম মন্ত্রীসভাই পূৰ্ণতা লাভ কৰিলে । মন্ত্ৰী হিচাপে প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালাই অসমীয়াত শপতগ্ৰহণ কৰাৰ বিপৰীতে কৌশিক ৰায়ে হিন্দীত আৰু কৃষ্ণেন্দু পালে বাংলা ভাষাত শপতবাক্য পাঠ কৰে। পুৱাৰ ভাগত চাৰি মন্ত্ৰীৰ শপতগ্রহণক লৈ কলাক্ষেত্ৰত ভিৰ কৰেহি নতুন মন্ত্ৰীসকলৰ সমষ্টিৰ গুণগ্রাহী, সমর্থক আৰু পৰিয়ালৰ সদস্যসকলে। ইফালে শপতগ্ৰহণৰ পাছতে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদানৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক পুনৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলে নৱনিযুক্ত চাৰি মন্ত্ৰীয়ে। উল্লেখ্য যে চাৰি মন্ত্ৰীৰ অন্তর্ভুক্তিৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাৰ মন্ত্ৰীসকলৰ দপ্তৰ সাল-সলনি হোৱাটো স্পষ্ট হৈ পৰিছে। আনকি মুখ্যমন্ত্ৰীয়েও দপ্তৰৰ ব্যাপক সাল-সলনিৰ ইংগিত প্রদান কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নতুন অন্তর্ভুক্ত হ’লে পুৰণিসকলৰ দপ্তৰ কৰ্তন হোৱাটো স্বাভাবিক। মুখ্যমন্ত্রীগৰাকীয়ে কয়- বাকী মন্ত্ৰীসকলৰ লগতে মুখ্যমন্ত্ৰীৰো দপ্তৰ কৰ্তন হ’ব। চাৰিজন নতুন মন্ত্রী অন্তর্ভুক্ত হ’লে স্বাভাৱিকতে পুৰণি মন্ত্ৰীসকলৰ পৰা দপ্তৰ কাটি আনি নতুনক প্ৰদান কৰিব লাগিব। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ লগতে আন কেইবাজনো মন্ত্ৰীৰ সৈতে কেইবাটাও দপ্তৰ সংযুক্ত হৈ আছে। লোকনির্মাণ আৰু স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দুটাকৈ বিভাগ মুখ্যমন্ত্ৰীৰ ওচৰতে আছে। সমান্তৰালভাৱে আন কেইবাজনো কেবিনেট মন্ত্রীয়ে দুটা-তিনিটাকৈ গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব চম্ভালি আছে। সেয়েহে মুখ্যমন্ত্রীয়ে আজি বিষয়টো সন্দর্ভত কয় যে দপ্তৰসমূহে যাতে ন্যায় পায়, তাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে আন একাংশ মন্ত্ৰীৰো দপ্তৰ কৰ্তন হ’ব।মুখ্যমন্ত্ৰীয়ে লগতে অহা সোমবাৰলৈহে দপ্তৰ বিতৰণ কৰা হ’ব বুলিও স্পষ্ট কৰে।