মনিষা বড়োৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী আম আদমি পাৰ্টীৰ

মনিষা বড়োৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী আম আদমি পাৰ্টীৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ১৩ এপ্রিল বিহুৰ উৰুকা শোনিতপুৰৰ ঊষানগৰীৰ এটি ভাৰাঘৰত বৰগাওঁ ঠেলামৰাৰ জীয়ৰী মেধাৱী ছাত্ৰী তথা বৰ্তমান তেজপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত কৰ্মৰত মনিষা বড়োক তেওঁৰ ভাৰাঘৰত দেৱাষিষ কৰ নামৰ যুৱক এজনে নৃশংসভাবে হত্যা কৰে। সেইসময়ত মনিষা বড়ো তেওঁৰ প্ৰেমিক ৰিচাৰ্ড দলেৰ লগত আছিল বুলি জানিব পৰা যায়। ৰিচাৰ্ড দলেকো অমানুষিকভাৱে মাৰধৰ কৰে বুলি জানিব পৰা গৈছে। দেবাশিষে মনিষাক হত্যা কৰাৰ আগতে ধৰ্ষণ কৰা বুলিও পৰিয়ালৰ লোকে কয়। আনহাতে হত্যাকাৰী দেবাধিস কৰ শোনিপুৰ বজৰং দলৰ সভাপতি গৌতম কৰৰ ভাতৃ বুলি জানিব পৰা যায়। বৰ্তমান সময়লৈ হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰাটোৱে অসমৰ সচেতন ৰাইজক আচৰিত কৰি তুলিছে। নাৰী সুৰক্ষাৰ কথা কোৱা “বেটি বচাও বেটি পড়াও বুলি শ্লোগান দি সততে ৰাজনীতি কৰি অহা বিজেপি দলৰ নেতা তথা প্রধানমন্ত্ৰী গৰাকী আৰু অসমৰ মুখ্যমন্ত্রী গৰাকীয়ে “মোৰ দিনত মহিলাৰ সুৰক্ষা নিশ্চিত কৰা হ’ব বুলি ঘোষনা কৰাৰ সময়তে এনে হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰাটোৱে গৃহবিভাগৰ বিফলতাই দাঙি ধৰিছে। আম আদমি পার্টি অসমে মনিষাৰ হত্যাকাৰীক কৰায়ত্ত কৰি অতি সোনকালেই fast track আদালতত বিচাৰ কৰি শাস্তি বিহাৰো দাবী কৰে। লগতে সততে হিন্দুৰ নামত ৰাজনীতি কৰি অহা বজৰং দলৰ সভাপতি হোৱাৰ বাবেই যাতে হত্যাকাৰী সাৰি নাযায় তাৰ প্ৰতি আম আদমি পাটিয়ে চকু ৰাখিব।

দাবী সমুহ :

১: হত্যাকাৰী কৰায়ত্ত কৰিব লাগে। মনিষা বড়োৰ হত্যাকান্ডৰ উচিত তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ’ব লাগে।
২: হত্যাকাৰীৰ শাস্তি হ’ব লাগে।
৩: কোনো কাৰনতেই যেন অপৰাধী সাৰি নাযায় তাক নিশ্চিত কৰিব লাগে।
৪: অসমত নাৰী সুৰক্ষা বিষয়ক কঠোৰতকৈ কঠোৰ আইন বলবৎ হ’ব লাগে।

এই সংবাদমেলত উপস্থিত থাকে আম আদমী পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকা, মহিলাশক্তিৰ সমন্বয়িকা অনুৰূপা বড়ো, মিডিয়া পেনেলিষ্ট আৰতি দেৱী আৰু ৰাজশ্ৰী অনিল ।