মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মণিপুৰগামী সকলো ৰে’ল বাতিল

মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মণিপুৰগামী সকলো ৰে’ল বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা- এতিয়াও মণিপুৰত  উত্তেজনা অব্যাহত আছে।ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰাৰ পাছত সাময়িকভাৱে হিংসাত্মক ঘটনা পোহৰলৈ অহা নাই যদিও উত্তেজনা অব্যাহত আছে। মেইটেই সম্প্রদায়ক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰুদ্ধে জনজাতিসকলে কৰা বিৰোধিতাৰ বাবেই চুড়াচান্দপুৰ জিলাৰ পৰা সংঘাত ৰাজধানী ইম্ফলকে ধৰি সমগ্ৰ ৰাজ্যতে বিয়পি পৰে।ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ কিছু শাম কাটিছে যদিও উমি উমি জ্বলি থকা ক্ষোভৰ পৰিণতিত যিকোনো মুহূৰ্ততে সৃষ্টি হ’ব পৰা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা আৰু অসম ৰাইফলছে বিভিন্ন স্থানত ফ্লেগ মার্ক্স কৰে। মণিপুৰ হিংসাত্মক ঘটনাত একচন মোডত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্রী আৰু মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিং, কেন্দ্রীয় গৃহ সচিব, সঞ্চালক আই বি আৰু ৰাজ্যৰ লগতে কেন্দ্রৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে দুখনকৈ ভিডিঅ’ কনফাৰেন্সিং বৈঠকত মিলিত হয়৷ মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবেও ভাৰতীয় বায়ুসেনাৰ সহায় লোৱা হৈছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভা বাতিল কৰি গৃহমন্ত্ৰী শ্বাহে মণিপুৰৰ পৰিস্থিতিক লৈ সূক্ষ্ম নিৰীক্ষণত ব্যস্ত আছে।  আনপিনে উত্তপ্ত মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই মণিপুৰগামী সকলো ৰে’ল বাতিল কৰিছে। যোৱা তিনি মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক কার্যকলাপ নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অসম ৰাইফলছে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে হিংসাজৰ্জৰ অঞ্চলৰ পৰা ১১ হাজাৰতকৈ অধিক সাধাৰণ নাগৰিকক নিৰাপদ স্থান হিচাপে সেনাৰ শিবিৰত আশ্রয় দিছে। এই লোকসকলক সেনাই সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰি আছে। মণিপুৰৰ পৰিস্থিতিৰ জটিলতাক গুৰুত্ব দি চুবুৰীয়া ৰাজ্য মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই ৰাজ্যখনত থকা মিজো নাগৰিকক নিজ ৰাজ্যলৈ ওভতাই নিয়াৰ প্ৰতিশ্ৰুতি দিছে।