মণিপুৰে নতুন এইমছ লাভ কৰিব, ভাৰ্চুৱেল সম্বোধনত প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত এখন নতুন এইমছ নিৰ্মাণৰ কথা ঘোষণা কৰে। “আমি মণিপুৰত এখন এইমছ নিৰ্মাণৰ পৰিকল্পনা কৰি আছো। এয়া আত্মনিৰ্ভৰ ভাৰতৰ সময়,” ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক ভাৰ্চুৱেল ৰেলীসম্বোধন কৰি মোদীয়ে কয়। এখন দেশত আহিবলগীয়া ২৪ তম এইমছ হ’ব।