মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন ৷মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ প্ৰায় ৩ দিন পাছতে বৃহস্পতিবাৰে মণিপুৰত বলবৎ হয় ৰাষ্ট্ৰপতি শাসন। কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক অধিসূচনাযোগে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা মতে, ৰাজ্যখনৰ বিধানসভা নিলম্বিত কৰি ৰখা হৈছে আৰু কেন্দ্ৰীয় শাসন বলৱৎ কৰা হৈছে। অধিসূচনাত উল্লেখ কৰা মতে, ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে কয় যে বর্তমান ৰাজ্যখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে যাৰ ফলত সংবিধানৰ আধাৰত ৰাজ্য চৰকাৰৰ দ্বাৰা ৰাজ্যখন পৰিচালিত কৰা সম্ভৱ নহয়। তেনে কাৰণতেই ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছে। সংবিধানৰ অনুচ্ছেদ ৩৫৬ৰ ক্ষমতাৰ অধীনত মণিপুৰ চৰকাৰৰ সকলো কাৰ্যকলাপ ৰাষ্ট্ৰপতিৰ দ্বাৰা পৰিচালিত হ’ব। উল্লেখ্য যে বিগত বৰ্ষৰ পৰাই মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলা গোষ্ঠীগত সংঘৰ্ষৰ ফলশ্ৰুতিত ৰাজ্যখন অশান্ত হৈ আছে। অশান্ত মণিপুৰত মুখ্যমন্ত্রী এন বীৰেন সিঙৰ স্থানত আন নেতৃত্বৰ হাতত ক্ষমতা দিয়াৰ দাবী বিজেপিয়ে কৰি অহাৰ বাবেই মুখ্যমন্ত্রী সিঙে যোৱা ৯ ফেব্ৰুৱাৰীত ইম্ফলৰ ৰাজভৱনত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক পদত্যাগ-পত্র দাখিল কৰে।