মণিকাঞ্চন সম্পন্ন ক্ষেত্ৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশন
ড° ৰীতামণি বৈশ্য ৰাজ্যিক সভাপতি আৰু হেৰল্ড মহন ৰাজ্যিক সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৩০ সংখ্যক ৰাজিক লখিমপুৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰতত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন্ধৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত আৰম্ভ হয়। ২৭, ২৮, ২৯ ডিচেম্বৰ ২০২৪ তাৰিখত অনুষ্ঠিত হবলগীয়া এই অধিৱেশনৰ আজি উদ্বোধনী অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডা° বীৰেন্দ্ৰ সিং সোলাংকীয়ে বিশেষ ভাৱে উপস্থিত থাকে। অধিবেশনৰ প্ৰথম দিনাখনত ড° ৰীতামণি বৈশ্য পুনৰ বাৰৰ বাবে ৰাজ্যিক সভাপতি আৰু হেৰল্ড মহনক পুনৰ ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক সম্পাদক হিচাপে নিৰ্বাচিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডা° বীৰেন্দ্ৰ সিং সোলংকীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰ নিৰ্মাণত এবিভিপিৰ ভূমিকাৰ সম্পৰ্কে উল্লেখ কৰি অসমৰ প্ৰেক্ষাপতত এবিভিপিৰ ভূমিকাৰ সম্পৰ্কে আলোচনা কৰে।