মঙলদৈ মিডিয়া চাৰ্কোলৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- মঙলদৈ মিডিয়া চাৰ্কোলৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। এই উপলক্ষে বিয়লি ৩,৪৫ বজাত মিডিয়া চাৰ্কোলৰ প্ৰতিষ্ঠাপক সভাপতি দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ প্ৰতিচ্ছবিৰ সন্মুখত সহধৰ্মিণী অৰ্পনা কোঁৱৰে মাল্যাৰ্পণ কৰে। সম্পাদক ময়ূখ গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা এই সভাখন দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেওঁ মঙলদৈ মিডিয়া চাৰ্কোলৰ সদস্য সকলে অকল দৰং জিলাৰেই নহয়, অসমৰ বিভিন্ন ঠাইত বিশেষকৈ ইতিবাচক বাতৰিৰ সন্ধান কৰি সেই বাতৰিৰ সুবাস আমাক দি কৃতাৰ্থ কৰি আহিছে। তেওঁ লগতে সাংবাদিক সকলে আবেগক প্ৰাধান্য নিদি সত্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। সভাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰাই সাংবাদিক সকল মন্ত্ৰী, বিধায়ক, আমোলৰ ওচৰত দায়বদ্ধ নহৈ ৰাইজৰ ওচৰত দায়বদ্ধ হৈ বাতৰি পৰিবেশন কৰিলে ৰাইজৰ আস্থা আৰু বিশ্বাসভাজন হৈ থাকিব বুলি কয়। এই সভাত মঙলদৈৰ সন্তান তথা এইবাৰ পেৰিচ অলিম্পিকত অফিচিয়েল ফটো সাংবাদিক হিচাপে যোগদান কৰা হিন্দু কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধিত ঋতুৰাজ কোঁৱৰে ফটো সাংবাদিকতাত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। সভাত বিধায়ক বসন্ত দাসে মঙলদৈ মিডিয়া চাৰ্কোলৰ ভৱন নিৰ্মাণৰ বাবে দহ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। তেওঁ লগতে সংবাদ প্ৰতিষ্ঠানৰ মালিক পক্ষই মফচলীয় সাংবাদিক সকলক শোষণ বঞ্চনা কৰি আহিছে বুলি উল্লেখ কৰি কয়, সাংবাদিক সকলৰো পৰিয়াল আছে, পেট আছে; সেয়া মালিক পক্ষৰ লগতে চৰকাৰেও সাংবাদিকৰ সমস্যাৰ কথা অনুভৱ কৰা উচিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, কলাইগাঁৱৰ পঞ্চমী সৰকাৰে কবিতা আবৃত্তি কৰা এই সভাত বিশিষ্ট লেখক, সমালোচক, সাংবাদিক অংকুৰ ডেকাই স্মৰণিকা উন্মোচন কৰি কয় যে, সংবাদ মাধ্যম এতিয়া যথেষ্ট প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। চ’ছিয়েল মিডিয়াই বিশেষকৈ ছপা মাধ্যমৰ যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। গতিকে ছপা মাধ্যমে নতুন দৃষ্টিভংগীৰে বাতৰি পৰিবেশন কৰাৰ সময় আহি পৰিছে। তেওঁ লগতে সংবাদ এক পবিত্ৰ মাধ্যম, ইয়াক কলূষিত নকৰিব বুলি সকলোকে আহ্বান জনায়। মঙলদৈ মিডিয়া চাৰ্কোলৰ সভাপতি ভাৰ্গৱ কুমাৰ দাসে সঞ্চালনা কৰা এই সভাত সাংসদ দিলীপ শইকীয়াই ভাষা জ্ঞান নথকা, ভৌগোলিক জ্ঞান নথকা, ভালকৈ বাক্য এটা লিখিব নজনা সকলেও বৰ্তমান মোবাইল এটা লৈ সাংবাদিক হৈ পৰাটো সমাজৰ বাবেই দুৰ্ভাগ্যজনক বুলি কয়। সাংবাদিক ক্ষেত্ৰখনলৈ অহাৰ আগতে অলপ অধ্যয়ন কৰিবলৈ তেওঁ নৱপ্ৰজন্মক আহ্বান জনায়। তেওঁ লগতে মঙলদৈ মিডিয়া চাৰ্কোলৰ গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন আগবঢ়াব বুলি কয়। মঙলদৈৰ ৰাইজৰ মাজত থাকি ৰাইজৰ হকে কাম কৰি যোৱাৰ অঙ্গীকাৰ কৰি তেওঁ কয়, ২০২৫ চনৰ ভিতৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিচন চাৰিআলিলৈ ১৩২ কিলোমিটাৰ পথ চাৰিশৰীয়াৰ কাম আৰম্ভ হ’ব। অহা বছৰত মঙলদৈত মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰি তেওঁ পথৰুঘাট ৰণৰ স্মৃতি বিজড়িত এটা পোষ্টেল ষ্টাম্প বনোৱাৰ কাম চলিছে বুলি কয়। তেওঁ লগতে কয়, ‘যেতিয়া ভাল সাংবাদিক থাকিব, তেতিয়া সমাজ খন ভালদৰে পৰিচালিত হ’ব। ভাল সাংবাদিক আৰু সমাজ এটা আনটোৰ পৰিপূৰক। ভাল সাংবাদিকতাই সমাজত ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।’ এই সভাত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধি, অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ জয়কান্ত চহৰীয়া, ডাঃ নিৰ্মল কুমাৰ বেৰীয়া, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন চন্দ্ৰ হাজৰিকা, বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰমণীমোহন শৰ্মা, জ্যেষ্ঠ নাগৰিক অৰুণ বৰুৱা, জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতি, দৰং জিলা মহিলা সমিতিৰ সভাপতি বিনু নাৰায়ণ দেৱ, ৰাজশ্ৰী মিশ্ৰ, মিৰণ দেৱী, আনোৱাৰ হুছেইনকে ধৰি শতাধিক লোক উপস্থিত থাকে।