মঙলদৈ বেজপাৰাত দূৰ্ঘটনাত আহত ৪ ছাত্ৰৰ মাজৰে গকুলৰ মৃত্যু
মহটিয়াই নিয়া বাহনৰ চালক পলাতক, গৰাকীৰে জড়িত সুতখোৰ, ১ জনক আটক
মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ নোৱানৈৰ দলঙৰ সমীপতে ১৩ আগষ্টত সংঘটিত ভয়াবহ পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত গকুল বেজবৰুৱাই আজি পুৱতি নিশা মৃত্যুবৰণ কৰে। গুৰুতৰ আঘাতপ্ৰাপ্ত ডাঁহী কলেজৰ একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ গৰাকীক কালি পোনতে মঙলদৈত আৰু পাছত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল। জিএমচিত কালি আইচিইউ নোপোৱাত ব্যক্তিগত চিকিৎসালয়লৈ নিবৰ বাবে সম্বল নাছিল পৰিয়ালৰ । উন্নত চিকিৎসা লাভ নকৰাৰ বাবেই চিৰবিদায় লবলগীয়া হয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে। আজি পুৱতি নিশা প্ৰায় ৩ বজাত ছাত্ৰজনে মৃত্যুবৰণ কৰাৰ পাছত দিনৰভাগত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি দিনৰ ২ বজাত নিজ ঘৰলৈ উভতি আহে নিঠৰ গকুল। মঙলদৈ ১নং বেজপাৰা গাৱৰ ক্ষিৰোদ কলিতাৰ একমাত্ৰ পুত্ৰ গকুলক পোনতে ডাঁহী কলেজলৈ লৈ যোৱা হয় আৰু গকুলৰ অন্তিম ইচ্ছা পূৰণ কৰা হয়। ইয়াৰ পাছতে বেজপাৰাত স্হানীয় সংঘ, অনুষ্ঠানে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰি বেজপাৰা শ্মশানত শেষকৃত্য সম্পাদন কৰা হয়। গকুলৰ অন্তিম সৎকাৰৰ সময়তো আজি স্হানীয় ৰাইজে গকুলৰ দূৰ্ঘটনাক হত্যাৰ ধাৰাত গোচৰ ৰুজু কৰি ৭ দিনৰ ভিতৰত জেললৈ প্ৰেৰণৰ দাবী কৰে লগতে দৰিদ্ৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদানৰ গোহাৰি জনায়।বেজপাৰাৰ ৪ জনকৈ ছাত্ৰক কালি মহতিয়াই নিয়া টিয়াগো বাহন খনকলৈ আজি কেবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সেই অনুসৰি, ৬ মাহৰো অধিক কাল নম্বৰপ্লেট নলগোৱাকৈয়ে মেহদী হাচান নামৰ মঙলদৈ ২নং ৱাৰ্ডৰ যুৱকজনে বাহন খন ভাড়াত দিছিল কৰিমচ’কৰ ফাৰুক নামৰ আন এক যুৱকক। কিন্তু ফাৰুকে ৪০ হাজাৰ টকাৰ বিনিময়ত বাহন খন নগৰবাহীৰ এক চালকক দিছিল। অভিযোগ অনুসৰি, সুতত ধন লোৱাৰ বাবেই বাহন খন মৰ্টগেজ হিচাবে নগৰবাহীৰ চালকক গতাই দিছিল। ইপিনে মঙলদৈত চিকিৎসাধীন মানস কলিতা আৰু লাচিত ডেকাক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হৈছে। কিন্তু এতিয়াও সংকটজনক হৈ জিএমচিত চিকিৎসাধীন হৈ আছে বেজপাৰাৰ সম্ৰাট কলিতা। চিকিৎসকে সম্ৰাটৰ পেট, ককালত আঘাতপোৱা আৰু সম্প্ৰতি নিৰীক্ষণত ৰখা বুলি সদৰি কৰিছে। উল্লেখ্য যে, মঙলদৈ বেজপাৰাৰ ৪ জনকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ উন্নত চিকিৎসাৰ বাবে যোৱা নিশাৰে পৰা সামাজিক মাধ্যমযোগে বৰঙণি সংগ্ৰহ অভিযান আৰম্ভ কৰে একাংশ মানৱদৰদী নেটিজেনে। ইতিমধ্যে, সংগৃহীত ধন প্ৰদান কৰাৰ পূৰ্বে আজি পুৱতি নিশাই গকুল বেজবৰুৱাই ইহ-সংসাৰ সামৰি বিদায় লয় যদিও সম্ৰাট কলিতা সহ লাচিত ডেকা আৰু মানস কলিতাক সংগৃহীত ধন প্ৰদান আৰু গকুলৰ আদ্যশ্ৰাদ্ধৰ বাবে আগবঢ়োৱাৰ বিষয়ে প্ৰকাশ পাইছে। সুদুৰ দিল্লীত কৰ্মৰত মঙলদৈৰ যুৱকৰ পৰা হৃদয়বানলৈ একাংশলোকে আগবঢ়োৱা বৰঙণিৰে দৰিদ্ৰ পৰিয়াল চাৰিটাক সকাহ দিব চেষ্টা কৰা বুলি উদ্যোক্তা সকলে অৱগত কৰিছে।