মঙলদৈ বাইপাচ, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

মঙলদৈ বাইপাচ, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

বাইপাচৰ কাম দ্রুতগতিত সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদত শৈক্ষিক কাম-কাজ আগন্তুক বৰ্ষৰ জুলাই মাহৰ পৰা আৰম্ভ হ’ব : মুখ্যমন্ত্রী
প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় সম্পূর্ণ হৈ উঠিলে জনসাধাৰণে আধুনিক চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব: মুখ্যমন্ত্রী

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই আজি মঙলদৈত উপস্থিত হৈ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ আৰু মঙলদৈ বাইপাচৰ নিৰ্মাণ কাৰ্য তথা দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থান পৰিদৰ্শন কৰি প্ৰস্তাৱিত প্রকল্পটোৰ বিভিন্ন দিশৰ বুজ লয়।

জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি মুখ্যমন্ত্রীয়ে মঙলদৈত উপস্থিত হৈয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পোন্ধৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাচৰ নিৰ্মাণস্থলী পৰিদর্শন কৰে। তেওঁ প্রকল্পটো কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে লোকনির্মাণ বিভাগৰ অভিযন্তাসকলক নির্দেশ দিয়ে। উল্লেখ্য যে এই বাইপাচ সম্পূর্ণ হৈ উঠিলে অসম, পশ্চিমবংগ আৰু অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ ব্যবস্থা অধিক শক্তিশালী হৈ পৰিব। আজিৰ এই পৰিদৰ্শনৰ সময়ত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু বসন্ত দাস উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মঙলদৈস্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বিভিন্ন দিশৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ২০২৫ চনৰ জুলাই মাহৰ পৰা বিশ্ববিদ্যালয়খনে যাতে স্থায়ী চৌহদৰ পৰা শৈক্ষিক কাম-কাজ আৰম্ভ কৰিব পাৰে তাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ প্রদান কৰে। উল্লেখ্য যে একবিংশ শতিকাৰ শেহতীয়া শৈক্ষিক প্রয়োজনীয়তাৰ সৈতে খাপখুৱাই সকলো আধুনিক সুবিধাৰে ২৫০ বিঘা ভূমিত এই স্থায়ী চৌহদটো নিৰ্মাণ কৰা হৈছে। এই প্রকল্পটো সম্পূর্ণ হৈ উঠিলে বিশ্ববিদ্যালয়খনে উদ্যোগ ক্ষেত্ৰখনৰ বাবে প্রয়োজনীয় মানবসম্পদ নিৰ্মাণ কৰি এক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব পাৰিব। আজিৰ এই পৰিদৰ্শনৰ সময়ত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু বসন্ত দাস, দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচার্য সুভাষ চন্দ্র দাস, জিলা আয়ুক্ত মুনীন্দ্রনাথ ঙাটেকে ধৰি নিৰ্মাণ প্ৰতিষ্ঠানৰ বিষয়াসকল উপস্থিত থাকে।

আনহাতে দৰঙৰ স্বাস্থ্যসেৱাৰ এক নতুন মাত্ৰা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি প্রস্তাবিত দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থান পৰিদৰ্শন কৰি ইয়াৰ বিভিন্ন দিশৰ বুজ লয়।

উল্লেখ্য যে প্রস্তাবিত প্রকল্পটোৰ বাবে ১০০ বিঘা ভূমিত অত্যাধুনিক চিকিৎসা শিক্ষাৰ প্রতিষ্ঠানটো গঢ় লৈ উঠাৰ লগতে ৰাইজক আধুনিক চিকিৎসা প্রদানৰ বাবে সকলো আধুনিক সা-সুবিধাৰে সন্নিবিষ্ট এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব। আজিৰ এই পৰিদৰ্শনৰ সময়ত জিলা আযুক্ত মুনীন্দ্র নাথ ঙাটেকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।