মঙলদৈত সদৌ ভাৰত কাৰাটে চেম্পিয়নশ্বিপ সম্পন্ন

মঙলদৈত সদৌ ভাৰত কাৰাটে চেম্পিয়নশ্বিপ সম্পন্ন

পশ্চিম বংগ শ্ৰেষ্ঠ দল, দ্বিতীয়ত অসম

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- গ্লবেল চোটকান কাৰাটে ডু সন্থা, অসমৰ উদ্যোগত আৰু গ্লবেল চোটকান কাৰাটে ডু সন্থা, ভাৰতৰ সহযোগত মঙলদৈ নাট্য নিকেতনত দুদিনীয়াকৈ অনুষ্ঠিত চতুৰ্থ চোট কাপ সদৌ ভাৰত অপেন কাৰাটে ডু চেম্পিয়নশ্বিপ আজি সামৰণি পৰে। উদ্যোক্তা অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, চিকিমৰ ২৮০ জন খেলুৱৈয়ে অংশগ্ৰহন কৰা এই প্ৰতিযোগিতা কালি বিধায়ক বসন্ত দাসে উদ্বোধন আৰু তাৰক চন্দ্ৰ চৰ্দাৰে পতাকা উত্তোলন কৰে। আজি হোৱা বঁটা বিতৰণী অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, মুখ্য আইনী উপদেষ্টা মৃদুল কুমাৰ শৰ্মা, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, সাংবাদিক গণেশ দত্ত, মুখ্য প্ৰশিক্ষক নৱজ্যোতি শৰ্মা, সমাজসেৱক মহেশ শৰ্মা আদিয়ে বঁটা প্ৰদান কৰে। এই প্ৰতিযোগিতাত পশ্চিম বংগ শ্ৰেষ্ঠ দল, আয়োজক অসমে দ্বিতীয় আৰু ঝাৰখণ্ডই তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।