মঙলদৈত ‘মানুহে মানুহৰ বাবে’ দৰং, অসম’ৰ চতুৰ্থ বৰ্ষপূৰ্তিত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱা, সাংবাদিক প্ৰশান্ত বৰুৱাৰ গ্ৰন্থ উন্মোচন
দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাস, ডাঃ ৰমাকান্ত বৰা, বিভামণি দাস, ৰূপশিখা নাথ, ফজলুল হুছেইনক বঁটা প্ৰদান
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানটি কালি মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ১০ বজাত সভাপতি আনোৱাৰ হুছেইনে পতাকা উত্তোলন কৰাৰ পিছত সদস্য ক্ৰমে- অমৃত চন্দ্ৰ ডেকা, বৃন্দাবালা দাস, আয়েশা বিলকিচ, তাৰিণী কুমাৰ শৰ্মাৰ স্মৃতিত ছিপাঝাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক চন্দ্ৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন আৰু সাহিত্যিক বৰদা শইকীয়াই মাল্যাৰ্পণ কৰে। ইয়াৰ পিছতে অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মা আৰু মঙলদৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰণামিকা শৰ্মাই আঁত ধৰা ‘গীত – মাত, হাস্যৰসেৰে অন্তৰংগ আলাপ, গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান’টি উদ্বোধন কৰে মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মাই। বিধায়ক বসন্ত দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে, এই সংগঠনটোৱে অকল দৰং জিলাতেই নহয়, গোটেই অসম জুৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই আহিছে। এই সংগঠনটোৰ বাবে অচিৰেই গৃহসহ ভূমি প্ৰদান কৰা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কনক চন্দ্ৰ চহৰীয়াই ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ কৰ্মৰ প্ৰশংসা কৰি কয় যে, যিসময়ত অধিকাংশ মানুহ ব্যক্তিগত স্বাৰ্থত নিমজ্জিত হৈ আছে সেই সময়ত এই সংগঠনটোৱে নিঃস্বাৰ্থ ভাৱে যি মানৱতাৰ কাম কৰি আছে সেয়া তুলনাবিহীন। কৰুণাধাৰাৰ দৰং জিলা সহায়ক সমিতিৰ অধ্যক্ষ মুকুল চন্দ্ৰ ডেকা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, লেখক কুমুদ চন্দ্ৰ ডেকা, অসম গৌৰৱ বঁটাপ্ৰাপক অনুপম ডেকা, নৱনিৰ্বাচিত সভাপতি হৰিচন্দ্ৰ শৰ্মা আদিয়ে ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত বিভিন্ন মানৱ সেৱামূলক কাম কৰি থকা দহৰ বাবে আদৰ্শ হৈ পৰা গুৱাহাটীৰ বৰসজাই দুৰ্গা মন্দিৰ ন্যাসক ‘শ্ৰেষ্ঠ সমাজ সংগঠন’ বঁটা, নগাঁৱত জন্মগ্ৰহণ কৰি দীৰ্ঘদিনে দৰঙৰ ৬০ বছৰ উৰ্ধৰ লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা সু চিকিৎসক, সাহিত্যিক ডাঃ ৰমাকান্ত বৰালৈ ‘মানৱ সেৱা বঁটা’, ২৪ বাৰ ৰক্তদান কৰি মুমূৰ্ষ ৰোগীক জীৱনদান দিয়া বিশ্বনাথ চাৰিআলিৰ শিক্ষয়িত্ৰী, সাহিত্যিক বিভামণি দাসক ঝৰ্ণা মজুমদাৰ সোঁৱৰণী শ্ৰেষ্ঠ মহিলা ৰক্তদাতা বঁটা, বিশেষভাৱে সক্ষম হৈয়ো জীৱনত হাৰ মানিবলৈ ৰাজী নোহোৱা তথা এইবাৰ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে নেট পৰীক্ষাত উত্তীৰ্ণ মঙলদৈৰ ৰূপশিখা নাথক ‘শ্ৰেষ্ঠ প্ৰেৰণাদায়ক বঁটা’ আৰু সাপ ধৰি বহুতক ভয় শংকাৰ পৰা ৰক্ষা কৰা মঙলদৈ হৰিণখোজাৰ সৰ্প বন্ধু ফজলুল হুছেইনক ‘শ্ৰেষ্ঠ মানৱতাবাদী বঁটা প্ৰদান কৰা হয়। দিনৰ ২ বজাত ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ তৰফৰ পৰা প্ৰকাশ কৰা মঙলদৈ নদীৰ সোঁত সলনি কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱা আৰু ৪৭ বছৰে মঙলদৈৰ পৰা সাপ্তাহিক মঙ্গল বাতৰি প্ৰকাশ তথা সম্পাদনা কৰি অহা বিশিষ্ট সাংবাদিক প্ৰশান্ত বৰুৱাৰ অভিনন্দন গ্ৰন্থ ক্ৰমে- নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজয় কুমাৰ শৰ্মা আৰু ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুনুৰাম কলিতাই উন্মোচন কৰে। অভিনন্দন গ্ৰন্থ উন্মোচন কৰি ড° বিজয় কুমাৰ শৰ্মাই কয়, জীৱিত কালত এজন ব্যক্তিক যথোচিত সন্মান প্ৰদান কৰিলে সেই ব্যক্তিজনৰ লগতে পৰিয়াল আৰু সমাজেও লাভ কৰে বিমল আনন্দ। সাধাৰণ সম্পাদক গণেশ দত্তই পৰিচালনা কৰা এই অনুষ্ঠানত ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ স্মৃতি পত্ৰিকা উন্মোচন কৰে সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ৰিন্টিমণি ডেকা, হৃদ কাশ্যপ, কবিতা শইকীয়া দাস, প্ৰাঞ্জল শৰ্মা, শিখা কাকতি, ৰঞ্জিত বুঢ়াগোহাঁই, দ্বিজেন্দ্ৰ মোহন শৰ্মা, অনিমা চহৰীয়াই গীত পৰিবেশন কৰে। অনুষ্ঠানত যোৱা ২ অক্টোবৰত অনুষ্ঠিত ‘মুক্তিযোদ্ধা ৰত্নেশ্বৰ শৰ্মা সোঁৱৰণী চিত্ৰাঙ্কণ প্ৰতিযোগিতা’ৰ ‘ক’ শাখাত মঙলদৈ ডনবস্ক’ৰ ৰিশাংক বৰুৱাই প্ৰথম, কেন্দ্ৰীয় বিদ্যালয় মঙলদৈৰ জেকলিন প্ৰিয়া ডেকাই দ্বিতীয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ডেভিদ কাশ্যপ ডেকাই তৃতীয়, লিটল মি চিলড্ৰেন একাডেমীৰ ললাক্ষী শৰ্মা আৰু মিভান ডেকাই নিচুকণি বঁটা লাভ কৰে। ‘খ’ শাখাত মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাদ্ৰী ডেকাই প্ৰথম, হেপ্পী চাইল্ড ইংলিছ স্কুলৰ যুৱ বিকাশ চহৰীয়াই দ্বিতীয়, কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈৰ জিজ্ঞাসা ডেকাই তৃতীয়, কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈৰ ধৰিত্ৰী ডেকা আৰু উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুশান্ত মণ্ডলে নিচুকণি বঁটা লাভ কৰে। ‘গ’ শাখাত মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেঘ্না দেৱীয়ে প্ৰথম, আলিছা ৰহমানে দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ নজৰুল ইছলামক বঁটা প্ৰদান কৰা হয়।