মগজুৰ ভিতৰ চ’ৰা – মিতালি বৰঠাকুৰ

মগজুৰ ভিতৰ চ’ৰা

মিতালি বৰঠাকুৰ ( আচাৰ্য ), মালিগাওঁ

আকৌ আহিল এটি নতুন বছৰ
মন্দিৰে , মন্দিৰে মানুহৰ সমাগম
পৰ্যটন থলীত মানুহৰ ভিৰ
অলপ শান্তি , সুখ আৰু আনন্দ বিচাৰি
এটি সুস্থ , সবল মন বিচাৰি
মানুহৰ দৰে জীয়াই থাকিবলৈ আপ্ৰাণ চেষ্টা

নতুন বছৰ বুলি
সকলো পৰিপাটিকৈ সজোৱাৰ দৰে
আহক আমি
আমাৰ মগজু বোৰো নিৰ্মল কৰো।
পৰিষ্কাৰ কৰো আমাৰ মগজুৰ ভিতৰ চ’ৰা

আহক , আমি
ধুই নিকা কৰো মগজুৰ ভিতৰত
কিলবিলাই থকা পোক বোৰৰ দৰে
ঘৃণা  , আক্ৰোশ , খং  , প্ৰতিশোধ আৰু
প্ৰবঞ্চনাৰে  থোপ খাই থকা
মলিয়ন আৱৰ্জনা বোৰ।

মানুহ হৈ মানুহৰ দৰে জীয়াই থাকো
এটা সুস্থ -সবল মন আৰু মগজু লৈ।
নকৈ গঢ় দিও আমাৰ মগজুৰ ভিতৰ চ’ৰা
য’ত থাকিব মৰম ,স্নেহ  ,বিশ্বাস আৰু
আন্তৰিকতাৰ  পূৰ্ণ সমল।
নতুন বছৰ বুলি
আহক আমি আমাৰ মগজু বোৰ
আৱৰ্জনা মুক্ত কৰি নিকা কৰো।
গঢ়ি তোলো এখন স্বচ্ছ  মানৱ হৃদয়।