মই মিনাৰেল ৱাটাৰ বটলে কৈছোঁ,,
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
দূৰ বাট অতিক্ৰম কৰি এটোপাল পানীৰ বাবে যেতিয়া হাবাথুৰি খোৱা, নিজৰ ব্যক্তিগত বটলটো জলশূণ্য হৈ পৰে, তেতিয়া জানো মোৰ ওপৰতে তোমাৰ নজৰ নপৰে? তোমাৰ এক পলকৰ মৰম খিনিয়ে মোৰ আৱেগিক মনটোক উৎফুল্লিত কৰি তোলে। পাহৰি যাওঁ ,মোৰ আচল পৰিচয়, মোৰ অস্তিত্ব কি,,? পাহৰি যাওঁ, মই যে কেৱল এক মূহুৰ্তৰ ব্যৱহাৰৰ সামগ্ৰী । মোৰ ভিতৰৰ পানী খিনি শেষ নোহোৱালৈকে হে মোক তুমি আঁকোৱালি ৰাখিবা,, এবাৰ মোৰ প্ৰয়োজনৰ অন্ত পৰিলে দূৰণিলৈ দলিয়াই পঠিয়াবা। মই এইবোৰ নজনা নহয়, হ’লেও প্ৰতি বাৰেই মনৰ মাজত এক আশাৰ প্ৰদীপ জ্বলি উঠে। মইও যদি কাৰোবাৰ জীৱনত দীৰ্ঘস্থায়ী হ’ব পাৰিলোঁ হয়, মোকো যদি কোনোবাই মৰমেৰে আঁকোৱালি ল’লে হয়,,
নাই প্ৰত্যেক বাৰৰ দৰে এই বাৰো মই পৰি আছোঁ ৰাজপথৰ মাজত মুখ থেকেচা খায়। মোৰ শৰীৰত কেইবাটাও ভাঁজ। এইয়া কিছু স্বাৰ্থপৰ মানু্হৰ হাতৰ চাপৰ ফল।
কিছুমান মানুহৰ ভৰিৰ তলুৱাৰ তলত পৰি প্ৰকাণ্ড শৰীৰৰ ভৰত মোৰ কঁকালৰ ঠিক মাজতে বেঁকা হৈ পৰিছে । যাক মই সহায়ৰ হাত আগবঢ়ায় দিলোঁ, তেও মোক বিকৃত ৰূপ প্ৰতিদান দিলে। সঁচাকৈয়ে এইয়া মোৰ প্ৰাপ্য নে?
এৰা, আজিৰ সময়ত মানুহৰ ভাল কৰিবলৈ গ’লেও নিজৰেই ক্ষতি। উপকাৰক অজগৰে খায় ।