মই জুবিনে কৈছোঁ
টোলন তছা,
চিকনী বৰহোলা,নগাঁও
মই জুবিনে কৈছোঁ
ঘেন্টা মই কাকো খাতিৰ নকৰোঁ
ধনীৰ স’তে বন্ধুত্ব কেতিয়াও নাপাতিলোঁ
বাটে পথে ফুটপাথে মনৰ ধনী মানুহৰ স’তে
কত যে আড্ডা মাৰি ফুৰিলোঁ।
চৰাই চিৰিকটি কুকুৰ মেকুৰী
কাৰ স’তে বন্ধুত্ব পতা নাছিলোঁ
মনৰ বাঘ আঁতৰাই মই বনৰ বাঘো পুহি চালোঁ
মোৰ শব্দ আৰু সুৰৰ মায়াৰে
সমগ্ৰ জগতক মন্ত্ৰমুুগ্ধ কৰিলোঁ
অনাই বনাই ঘুৰি ফুৰি বনৰীয়া হ’লো
ঘেন্টা,মই কাকো খাতিৰ নকৰোঁ।
বৰগীত গালোঁ মই আধুনিকো গালোঁ
সুখ-দুখ জীৱন-যৌৱন মৃত্যু সকলোৰে গীত গালোঁ
নানা ভাষাত হাজাৰ হাজাৰ কথাত
মোৰ সুৰীয়া কন্ঠ নিগৰালোঁ
অৰঙে দৰঙে ঘূৰি ফুৰি কৰবাত খুটাত বগালোঁ
ধৈৰ্য্যৰ সীমা চেৰাই যাওঁতে কৰবাত পাগলামিও কৰিলোঁ
নাজানো মই জীৱন নাটত কত কি ভুল কৰিলোঁ
আৰু কাৰ বাবে কিমান ভাল কৰিলোঁ
কিন্ত মই জানো শত সহস্ৰজনৰ হৃদয়
মোৰ গানেৰে জিপাল কৰিলোঁ
আই অসমীৰ বুকুত সংগীতৰ নতুন জোৱাৰ তুুলিলোঁ
সংগীতৰ বাবেই মই উৰনীয়া হ’লোঁ
হেৰৌ!জীৱন্তেতো বাদেই মৃত্যুৰ পিছতো
আকাশ বতাহ কপাই দিলোঁ
ঘেন্টা,মই কাকো খাতিৰ নকৰোঁ।
