মই গছে কৈছোঁ
হীৰক কলিতা , নলবাৰী
যদি মই খোজ কাঢ়িব পাৰিলোঁ
হয় নিশ্চয় এই ঠাই এৰি মই
দৌৰি গুচি গ’লো হয় ।
যদি মই কথা ক’ব পাৰিলোঁ
হয় ময়ো চিঞৰি চিঞৰি ক’লোঁ
হয় মোক সহায় কৰক , কিন্তু
আজি যে মই নিৰুপায় ।
মোক ধ্বংস কৰি হয়তো গঢ়ি
উঠিব এই ঠাইত আধুনিক
অট্টালিকা , উৰণসেতু…।
কিন্তু এই আধুনিকতাই মাতি
আনিব এদিন জগতৰ বিনাশ ।
মই দিছোঁ আপোনালোকক
বিশুদ্ধ বায়ু , চৰাই – চিৰিকটিক
আশ্ৰয় কিন্তু তাৰ বিপৰীতে
আপোনালোকে আজি আয়োজন
কৰিলে মোৰ কঠোৰ মৃত্যুদণ্ড ।
মোৰো মন যায় জীয়াই থাকিবলৈ ,
আপোনালোকৰ ছাঁ হৈ ৰ’বলৈ ।