মই এগৰাকী অক্ষম মাতৃ
নিবেদিতা শইকীয়া
নগাঁও
মই এগৰাকী অক্ষম মাতৃ
মই এগৰাকী দোষী মা
কাৰণ মই ছোৱালী জন্ম দিছোঁ
কিন্তু নিৰাপত্তা দিব পৰা নাই।
তাই যেতিয়া পানী কেঁচুৱা
তেতিয়াও মই তাইক নিৰাপত্তা দিব পৰা নাই
পাষণ্ডৰ হাতৰ পৰা!
তাই যেতিয়া তিনি, চাৰি, পাঁচ বছৰীয়া
তেতিয়া তাই পৰি থাকে লেট্ৰিনৰ
টেংকিত ।
ফুলি থাকে তাইৰ দেহ!
যেতিয়া তাই সাত বছৰীয়া, আঠ বছৰীয়া
…..
চৌধ ,পোন্ধৰ, ষোল্ল বছৰীয়া…
কুৰি বছৰীয়া..
যি বয়সৰে নহওক
য’তে নাথাকক
যাৰ লগতে নাথাকক
তাইক মই নিৰাপত্তা দিব পৰা নাই!
যেতিয়া তাই
ঘৰত থাকে,
ফুৰিবলৈ যায়,
স্কুলত থাকে,
স্কুল বাছত থাকে,
কলেজত থাকে,
অফিচত থাকে,
বজাৰত থাকে,
খেল পথাৰত
বাছত,
ট্ৰামত,ৰেলত
সহপাঠীৰ লগত,
সহকৰ্মীৰ লগত
বন্ধুৰ লগত,
আত্মীয় স্বজনৰ লগত
ককা,দাদা, খুৰা, মামা, বৰদেউতাকৰ লগত
অনুজ,অগ্ৰজৰ লগত
চিনাকিৰ লগত
অচিনাকিৰ লগত….
ক’ত তাই নিৰাপদ??
মই জানো
মই আশংকাত ছট ফটাই থাকোঁ
দুৰ্ভাবনাই মোক আধামৰা কৰে
মই মৰি থাকোঁ!
পকা অঙঠাই পুৰি থাকে মোক
মোৰ আই জনী অ
তই ঠিকে আছনে?
আজলীজনী , বুজিছ নে নৰৰূপী পিশাছৰ আচল ৰূপ?
নিজকে বচাই চলিব পাৰিছনে
সহজ আন্তৰিকতাৰে সকলোকে আপোন কৰি
লোৱা মোৰ আইজনী!
মোৰ আইজনীক মই
নিৰাপত্তা দিব পৰা নাই
তাইৰ কোমল মন
কোমল দেহ
একোকে মই নিৰাপত্তা দিব পৰা নাই
মই অক্ষম মাতৃ
মোৰ ছোৱালীৰ চকুৱেদি বাগৰি আহিছে তেজ
তাই চিঞৰিছে
তাই যন্ত্ৰণাত চেঙালুটি পাৰিছে
তাইৰ ফুল কুমলীয়া দেহ
পাপীহতে বখলিয়াই খাইছে
বিশ্বাসেৰে ভৰপূৰ তাইৰ দুচকু
অবিশ্বাসৰ যন্ত্ৰণাৰে বিস্ফাৰিত হৈছে
মাথোঁ তেজ ,তেজ আৰু তেজ।
আৰু মই অক্ষম মাতৃ
মই পৰা নাই
মই পৰা নাই
তাই কেতিয়াবা পৰি আছে অৰ্ণমাই হৈ
কেতিয়াবা বৰ্ণালী হৈ
অভয়া হৈ, নিৰ্ভয়া হৈ
দেহটো খোৱাৰ পাছত
কেতিয়াবা তাইক জীৱন্তে দগ্ধ কৰা হৈছে
টুকুৰা টুকুৰ কৰিছে তাইক
কেতিয়াবা তাইৰ কণ্ঠনলী চিঙি দিয়া হৈছে
কেতিয়াবা জিভা কাটি দিয়া হৈছে..
কেতিয়াবা…..!!!
অবৰ্ণনীয়! উস!
মই তাইক সুৰক্ষা দিব পৰা নাই
মোৰ কোনো অধিকাৰ নাই
তাইক এই কলুষিত অমানুহৰ পৃথিৱীলৈ অনাৰ ।
সেই নৰাধমহতঁৰ হাতৰ পৰা
যদি নিৰাপত্তা দিব নোৱাৰোঁ
যি জন্ম লৈছিল
মোৰ নিচিনাই আন এগৰাকী মাতৃৰ পৰা !
মোক ক্ষমা কৰি দিয়া।
তোমাৰ নিৰুপায় হতভাগিনী মা-ৰাক
মাথোঁ ক্ষমা কৰি দিয়া
মোৰ মা জনী!