ভৱেশ চন্দ্র দাসৰ পৰলোক

ভৱেশ চন্দ্র দাসৰ পৰলোক

ৰঙিলী বাৰ্ত্তাসেৱা-  পাণ্ডু সদিলাপুৰ ( লুইত পাৰ )ৰ সৰবৰাহী ব্যক্তি ভৱেশ চন্দ্র দাসৰ ২৬ ডিচেম্বৰৰ পুৱা ৮-৩০ মান বজাত আমিন গাঁৱৰ এখন চিকিৎসালয়ত পৰলোক প্রাপ্তি ঘটে৷প্রায় পঁচাশী বছৰীয়া দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ অঞ্চলটোৰ অসংখ্য লোকে সমাগম কৰেহি | তেওঁ সদিলাপুৰ অঞ্চলৰ বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত আছিল৷অঞ্চলটোৰ পাঠক হিচাপে সুনাম অৰ্জন কৰা দাস লুইতপাৰৰ কানাই ঠাকুৰ নামঘৰৰ স্থায়ী পাঠক আছিল৷ তেওঁৰ মৃত্যুৱে অঞ্চলটাৰ বৃহৎ ক্ষতিসাধন কৰিলে বুলি লোকসকলে ব্যক্ত কৰে৷২৬ তাৰিখৰ বিয়লি অসংখ্য লোকৰ উপস্থিতিত দাসৰ কানাই ঠাকুৰ নামঘৰৰ সমীপতে সমাপন কৰা হয় ৷মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুগৰাকী বিবাহিত কন্যা,এজন পুত্র-বোৱাৰী আৰু কেইবাগৰাকীও নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়৷