ভৰলুমুখ থানাৰ উদ্যোগত সজাগতা সভা

ভৰলুমুখ থানাৰ উদ্যোগত সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কুমাৰপাৰাস্থিত শান্তি সভা প্ৰাংগনত আজি ভৰলুমুখ থানাৰ উদ্যোগত তিনিখন নতুন আইন প্ৰৱৰ্তন আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত ৰাইজৰ উপকাৰিতাৰ বিষয়ে এখন সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত বিশিষ্ট অধিবক্তা সত্যেন শৰ্মাৰ সভাপতিত্বত ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, জালুকবাৰীৰ এ চি পি এছ সুভাদৰ্শনী আই পি এছ, ভৰলুমুখৰ নাগৰিক কমিটীৰ সভাপতি জগদীশ দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ভৱানী বৰা, ভৰলুমুখৰ নাগৰিক কমিটীৰ যুটীয়া সম্পাদক হেমেন শৰ্মা, ১৯ নং ৱাৰ্ডৰ পাৰিষদ ব্ৰিজেছ ৰায়কে আদি কৰি প্ৰায় ৫০ জন মান লোক উপস্থিত আছিল। উক্ত সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ভৱানী বৰাই এক জুলাই মাহৰ পৰাই দেশত প্ৰৱৰ্তন হ’ব লগীয়া তিনিখন আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা,আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, আইনৰ বিষয়ে ৰাইজৰ আগত সুন্দৰভাৱে উপস্থাপন কৰে।