ভ্যালাইন্টাইন্স ডে
প্ৰেমৰ সপ্তাহ (ভ্যলাইন্টাইন্স উইক) ২০২২ চলি আছে । ৭ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ আকাশে বতাহে কেবল প্ৰেমৰ সুগন্ধ গোটেই পৃথিৱীতে … সকলোৱে প্ৰেমৰ সপ্তাহ নানা ভাবে পালন কৰিছে। প্রিয় জনক প্ৰেমৰ বিষয়ে জনোৱাৰ বা প্ৰেমৰ প্ৰস্তাব দিয়াৰ বাবে ‘ভ্যালাইন্টান্স ডে’ ৰ বিকল্প নাই, এই কথাটো সকলোৱে জানে মাত্র এই এটা দিনেই কিয়, … এটা সম্পূর্ণ সপ্তাহেই প্রেম উদযাপন কৰাটো বর্তমান সময়ত এক নিয়মত পৰিনত হৈছে। কিন্তু ১৪ ফেব্ৰুৱাৰীৰ এই দিনটোকে কিয় বাচি লোৱা হৈছে প্ৰেমৰ দিন হিচাপে? কাৰণ এই বিশেষ দিনটোৰ সৈতে জড়িত আছে এক ঐতিহাসিক ঘটনা ….
২৭০ খৃষ্টাব্দৰ কথা । তেতিয়া ৰোম নগৰীৰ সম্ৰাট আছিল দ্বিতীয় ক্লডিয়াচ। ভ্যালেন্টাইন আছিল এজন খৃষ্টান ধর্মযাজক। সেইসময়ৰ ৰোমৰ গিৰ্জাৰ পুৰোহিত। ৰোম নগৰীত সম্রাট দ্বিতীয় ক্লডিয়াচৰ সময়ত তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল। ক্লডিয়াচ আছিল প্রাচীন পৌণ্ডলিক ধৰ্মত বিশ্বাসী লোক। ৰোমান সাম্ৰাজ্যত তেতিয়া সেই ধৰ্মৰে প্রাধান্য আছিল । সম্ৰাট ক্লডিয়াচে নাৰী পুৰুষ বিবাহ বান্ধোনত আৱদ্ধ হোৱাৰ বাবেও নিষেধাজ্ঞা জাৰি কৰছিল। তেওঁৰ ধাৰণা আছিল বিবাহ বন্ধনত আৱদ্ধ হোৱাৰ পাছত মানুহৰ যুদ্ধৰ প্ৰতি অনীহাৰ সৃষ্টি হয়। পুৰুষৰ যোগ্যতা কমি যায়। ভ্যালেন্টাইনে সম্ৰাটৰ আদেশ অগ্রাহ্য কৰি গোপনে নাৰী পুৰুষৰ বিবাহৰ কাৰ্য সম্পন্ন কৰিছিল। তেওঁৰ এই গোপন কাৰ্যৰ কথা সম্ৰাটৰ কৰ্ণ গোচৰ হয়। তেওঁক ৰাজসভাত হাজিৰ কৰোৱা হয়। ভ্যালান্টাইনে সম্রাটক জনালে যে খৃষ্টধর্ম অনুসৰি তেওঁ কাকো বিবাহ পাশত আৱদ্ধ হোৱাত বাধা আৰোপ কৰিব নোৱাৰে। সম্রাটে তেওঁক খৃষ্ট ধর্ম ত্যাগ কৰি ৰোমান পৌণ্ডলিক ধৰ্মলৈ ঘূৰি অহাৰ কথা কলে। ভ্যালান্টাইনে সম্ৰাটৰ প্ৰস্তাৱ যানি নোলোৱাৰ অপৰাধত তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। কাৰাগাৰত থকাকালীন তেওঁ এজন কাৰাৰক্ষীৰ অন্ধ কন্যাৰ আধ্যাত্মিক চিকিৎসাৰ দ্বাৰা চকুৰ দৃষ্টি ঘূৰাই আনিছিল। কিন্তু চিকিৎসা কৰি থকা সময়তে সেই ছোৱালীজনীৰ লগত তেওঁ প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পৰে। ২৭০ খৃষ্টাব্দত খৃষ্টধৰ্মৰ পুৰোহিতৰ কাৰণে প্ৰেমৰ প্ৰতি আসক্তি এক অনৈতিক কার্য। সম্ৰাটে তেওঁৰ মৃত্যুদণ্ডৰ আদেশ দিয়ে। ২৭০ খৃষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীৰ এই দিনটোতে ভ্যালানটাইনৰ মৃত্যুদণ্ড কার্যকৰী কৰা হয়। মৃত্যুৰ আগনিশা প্ৰেমিকাৰ উদ্দেশ্য তেওঁ এখন চিঠি লিখে। চিঠিখনৰ শেষত তেওঁ ‘তোমাৰ ভ্যালান্টাইন’ বুলি লিখিছিল। পৰবৰ্তী কালত ৰোমত খৃষ্টধৰ্মৰ প্ৰাধান্যৰ পাছত ভ্যলাইন্টাইনক’ চেইন্ট’ হিচাপে ঘোষনা কৰা হয় । যি স্থানত তেওঁক মৃত্যু দণ্ড দিয়া হৈছিল সেই ঠাইত এটা গীৰ্জা স্থাপন কৰা হৈছিল। অৱশেষত ৪৯৬ খৃষ্টাব্দত খৃষ্টান ধৰ্মগুৰু পোপ গ্লচিয়াচে ভ্যালান্টাইনৰ মৃত্যু দিনটো “ ভ্যালান্টাইন্স ডে’ হিচাপে ঘোষনা কৰে। অৱশ্যে এই দিনটোত কার্ড আৰু উপহাৰ দিয়াৰ প্ৰচলন বৃটিছ সকলেহে কৰে।
প্রচলিত ৰীতি অনুসৰি ‘ভ্যলাইন্টাইন ডে এই দিনটো সকলোৰে বাবে বিশেষ হৈ পৰিছে যদিও প্ৰেমৰ বাবে মাত্র এই এটা দিন — এই কথাৰ সত্যতা সম্পর্কে ভবাৰ অৱকাশ নিশ্চয় আছে। প্রেম এনে এক অনুভূতি, যি মানুহৰ মনৰ গভীৰতাত চিৰকাল প্ৰবাহিত হৈ থাকে। প্ৰেমৰ বাবে বা প্রেম প্রকাশৰ বাবে কোনো দিন বা ৰাতি কোনো বিশেষ মুহুৰ্তৰ প্ৰয়োজন নহয়৷ প্ৰতিটো দিনেই প্ৰেমৰ দিন … প্ৰেম প্ৰকাশৰ দিন …
ভগবানৰ সকলো সৃষ্টিৰ ভিতৰত প্ৰেমেই এনে এটা বস্তু যাৰ কোনো পৰিভাষা নাই । ই ভগবানৰ সর্বশ্রেষ্ঠ উপহাৰ! প্রেম সংস্কৃত ‘পৰম’ শব্দৰ পৰা লোৱা হৈছে । পৰম শব্দৰ অৰ্থ হৈছে সকাৰাত্মক ভাবৰ চৰম সীমা অতিক্ৰম কৰা । প্ৰেমৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব লগীয়া যে –প্রেম কেবল স্ত্ৰী-পুৰুষৰ সম্বন্ধ মাত্ৰ নহয়, বৰঞ্চ ই এনে এক ভাবনা যি,যি কোনো সময়ত যি কোনো ব্যক্তি বা জীৱ জন্তুৰ প্ৰতিও হব পাৰে। যেনেকৈ পোহনীয়া জীৱ জন্তু আৰু গৰাকী মাজতো হয়। প্ৰেম আনকি নিৰ্জীৱ বস্তুৰ প্ৰতি হোৱাটোও অস্বাভাৱিক কথা নহয়। প্রকৃত প্ৰেমক অনুভৱ কৰিব পৰা জনেহে এনে ভাবনাকো অনুভৱ কৰিব পাৰিব।
বেছি ভাগ মানুহে এই দিনটো কেবল বিবাহিত দম্পতী, প্রেমিক – প্ৰেমিকাৰ কাৰণে বুলি ভাবে। কিন্তু এয়া সচা নহয়। এই দিনটোত যি কোনো ব্যক্তিয়ে তেওঁৰ প্রিয়জনক শুভেচ্ছা দিব পাৰে। সেয়া পৰিবাৰৰ সদস্য, বন্ধু – বান্ধবী, ভাই-ভনী বা অন্যান্য ব্যক্তি হব পাৰে যি আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। প্ৰেম পবিত্র। ইশ্বৰৰ সকলো সৃষ্টিৰ মাজতে প্রেম আছে। পৰস্পৰৰ মাজত সম্পর্ক স্থাপনৰ বাবে ইশ্বৰে প্ৰতিটো সৃষ্টিৰ মাজত প্ৰেমৰ সৃষ্টি কৰিছে। প্ৰেমৰ বাবেই মাকে সন্তানক গৰ্ভত ধাৰণ কৰে, মাক দেউতাকে অনেক পৰিশ্ৰম কৰি সন্তানক প্ৰতিপালন কৰি মানুহ কৰি তোলে। ভালপোৱাৰ বাবেই বন্য প্রানীয়েও সিহঁতৰ প্ৰজাতিৰ সৈতে একেলগে বাস কৰে। প্ৰেম প্ৰকৃতিৰ কণ-কণত মিলি আছে। প্ৰেমৰ শক্তিতেই প্রকৃতি নিৰন্তৰ পল্লবিত,পুষ্পিত আৰু ফলিত হয়। প্ৰেমত যেতিয়া পৰিধিৰ বাসনা নাথাকে তেতিয়া সেই প্ৰেমৰ মাধ্যমৰে মানব জীৱনৰ চুড়ান্ত লক্ষ্য ইশ্বৰৰ সন্তুষ্টি লাভ কৰা যায়।
সামাজিক দৃষ্টিতো প্ৰেমৰ মহত্ব কম নহয়। যিখন সমাজত প্ৰেমৰ মহত্ব অধিক সেই সমাজত পৰস্পৰৰ সহযোগৰ ভাবনাও অধিক। য’ত প্ৰেম আছে তাত মানুহ প্ৰসন্ন চিত্ত হৈ থাকে আৰু তেনে লোকে সকলো সময়তে নিজৰ বিকাশ কৰিবলৈ সক্ষম হয়।
প্ৰেম মগজুৰে নহয় হদয়েৰে অনুভৱ কৰা এক অনুভূতি … বৰ্তমানৰ প্ৰজন্মই সঙ্কুচিত দৃষ্টিৰে প্ৰেমক চালে প্রেমো সঙ্কুচিত হৈ পৰিব কেবল মাত্র “ আই লভ ইউ ” বুলি কৈ দিয়াকে প্ৰেম বুলি নকয়। প্রেম যি কেবল আকৰ্ষণৰ পৰা সৃষ্টি হয় সেয়া ক্ষনিক প্রেম। অনভিজ্ঞতা আৰু সন্মোহন অথবা দৈহিক আকর্ষণেই যাৰ কাৰণ ৷ যেতিয়াই এই আকৰ্ষণৰ পৰা মোহ ভঙ্গ হব, তেতিয়াই ই আমনিদায়ক হৈ পৰিব। প্ৰেম লাহে লাহে কমি আহি জীৱনলৈ ভয়, অনিশ্চয়তা আৰু উদাসীনতা লৈ আহিব। প্ৰেম হৈ পৰিব অসুৰক্ষিত! কোনো আশা নাই, কোনো প্রতিদানৰ ভাবনা নাই, প্রেমাস্পদৰ কল্যাণৰ বাহিৰে একো নিবিচাৰে, তাকেই প্রকৃত প্ৰেমৰ আক্ষা দিব পৰা যায়। তেনে দিব্য প্রেম ঠিক আকাশৰ দৰে, যাৰ কোনো সীমা নাই !
কেতিয়াবা কিছুমান মানুহে প্ৰেমক পশুবৃত্তিৰ ৰূপ দিবলও কুন্ঠা বোধ নকৰে। বৰ্তমান প্ৰেমৰ অভাবৰ বাবেই মানুহৰ সংবেদনশীলতা কমি গৈছে । বিনা দ্বিধাই মানুহে গছগছনি কাটি, পশুপক্ষী হত্যা কৰি প্ৰকৃতি ধ্বংস কৰিব লৈছে। আনকি মানুহে মানুহক হত্যা কৰা কথাটোও এতিয়া যেন তেনেই সহজ হৈ পৰিছে! কেবল মাত্ৰ প্ৰেমৰ অভাবতে মানুহৰ জীৱন এনে নৰক সদৃশ হৈ পৰিছে !
প্রতিজন ব্যক্তিয়ে প্ৰেমৰ বেলেগ বেলেগ ৰূপৰেখা বনাব পাৰে …সকলোৰে বেলেগ দৃষ্টিকোণ, বেলেগ অভিব্যক্তি হব পাৰে, কিন্তু প্রেমতো প্ৰেমেই। প্ৰেম ৰূপী বীজৰ অঙ্কুৰণ, ভাবনা ৰূপী সাৰুৱা মাটিতে হয়! প্রেম এক শ্বাস্বত ভাব যি – কালিও আছিল, আজিও আছে আৰু কাইলৈও থাকিব । যুগ যুগ ধৰি চলি অহা প্রেম কাহিনী – ৰোমিঅ’ – জুলিয়ট, লয়লা-মজনু, চিৰি-ফৰহাদ জংকী-পানেইৰ দৰে আজিও নিৰন্তৰ গতিত চলি আছে। প্ৰেমেই সম্ভৱ সেই শক্তি যি শক্তিয়ে সভ্যতাৰ ইমান সংঘৰ্ষৰ পিছতো মানুহক একেডাল সুত্ৰৰে বান্ধি ৰাখিছে । লক্ষী নাথ বেজবৰুৱাৰ কবিতাৰ ভাষাত ….
প্ৰেমতে ফুলিছে শতদল
প্ৰেমতে ঘূৰিছে ভূমণ্ডল
সকলোকে প্ৰেমৰ দিৱসৰ শুভেচ্ছা জনালোঁ । প্ৰত্যকৰ জীৱনত প্ৰতিটো মুহুৰ্ত প্ৰেমেৰে পৰিপূৰ্ণ হওক সেই কামনাৰে …
কবিতা শৰ্মা ,
দিল্লী।