ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰিলায়েন্সৰ লগত অসমৰ নিৰ্বাচনী বিষয়াৰ বৈঠক

ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰিলায়েন্সৰ লগত অসমৰ নিৰ্বাচনী বিষয়াৰ বৈঠক

ভোটপ্ৰদান কৰা ক্ৰেতালৈ থাকিব ৰিলায়েন্সৰ বিশেষ ৰেহাই

ভোট সাব্যস্ত কৰা আঙুলিৰ চিয়াঁহী দেখুৱাই পাব ৰেহাই

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ৭ মে’ত অসমত অনুষ্ঠিত হ’ব অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি দেশত শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে প্ৰথম দুটা পৰ্যায়ৰ সফল নিৰ্বাচনৰ পিছত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসমত SVEEPৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মহানগৰবাসীৰ প্ৰাত্যহিক ব্যস্ততাৰ মাজত কোনো ভোটাৰে যাতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত নাথাকে সেই লক্ষ্য আগত ৰাখি SVEEPৰ অন্তৰ্গত গুৱাহাটীৰ ৰিলায়েন্স শ্ব’পিং মলৰ বিষয়াসকলৰ লগত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এখন বৈঠক অনুষ্ঠিত হয়।  উক্ত বৈঠকত দেশৰ খুচুৰা বজাৰখনৰ এক বৃহৎ অংশীদাৰ হিচাপে ৰিলায়েন্সক ‘নিৰ্বাচনৰ পৰ্ব দেশৰ গৰ্ব’ উৎসৱত সমৰ্পিত কৰিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰিলায়েন্স গ্ৰুপক আহ্বান জনায়। ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে বৈঠকত ৰিলায়েন্সৰ তৰফৰ পৰা সন্মতি প্ৰদান কৰা হয়। এই অনুসৰি ভোটদান অনুষ্ঠিত হৈ যোৱাৰ পিছত আঙুলিত ভোট প্ৰদানৰ চিহ্ন থকা প্ৰতিজন ক্ৰেতাকে কোনো সামগ্ৰী ক্ৰয়ৰ বিনিময়ত ৰিলায়েন্সে ৰেহাই দিব। শ্ব’পিং মলৰ ভিতৰ আৰু বাহিৰত বিভিন্ন ডিজাইনত ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ তেওঁলোকৰ তৰফৰ পৰা বেনাৰ-পোষ্টাৰ আদি লগাব। মলত ব্যৱহাৰ কৰা মিউজিক ছিষ্টেমত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ উপৰি ছ’চিয়েল মিডিয়াতো ভোটাৰক ভোটদানৰ বাবে সজাগতাৰ সৃষ্টি কৰিব। উক্ত বৈঠকত ৰিলায়েন্সৰ বিষয়-ববীয়াসকলৰ উপৰি অসমৰ নিৰ্বাচন বিভাগৰ যুটীয়া সচিব পংকজ চক্ৰৱৰ্তী আৰু যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া এমিলী বৰুৱা উপস্থিত থাকে।