ভোগালী বিহু
এছ ইছলাম, শিক্ষক
মইনবৰী, বৰপেটা
পুহ মহীয়া জাৰত
কঁপি কঁপি নিহালিখন লওঁ
মাঘ মাহত ভোগালী বিহু
ভোগৰ পিঠা খাওঁ।
পথাৰত সজা মেজিৰ জুই
জ্বলি পুৰি কৰিবা ছাই
মনৰ যত হিংসা-কলুষতা
অনাগত দিনবোৰত হ’ব স্বচ্ছতা।
মাঘ বিহুৰ বতৰত
তুমি নাই মোৰ কাষত
আছোঁ মই তোমাৰ অপেক্ষাত
ভোগৰ পিঠাবোৰ নাযায় পেটত।
ভোগালীৰ ভোগ বিলাস
মোৰ অন্তৰত মহা ত্ৰাস
তোমাৰ কথা ভাবি ভাবি
হৈ গ’লো অবুজ প্ৰেমৰ কবি।
ৰজকিনীৰ প্ৰেম ৰাগিনীত
চণ্ডীদাসে বৰশী বায় দিন-ৰজনীত
বিয়েট্ৰিছৰ ক্ষন্তেকীয়া দৰ্শন
সৃষ্টি হ’ল ডান্তেৰ ডিভাইন কমেডীখন।