ভোগালী
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
পুহ মহীয়া জাৰত কঁপি
নিহালিখন লওঁ,
মাঘ মাহত ভোগালী বিহু
ভোগৰ পিঠা খাওঁ।
পথাৰত সজা মেজিৰ জুই
জ্বলি পুৰি কৰিব ছাই
মনৰ যত হিংসা-কলুষতা
অনাগত দিনত হ’ব স্বচ্ছতা।
মাঘ বিহুৰ বতৰত
তুমি নাই মোৰ কাষত
আছোঁ মই তোমাৰ অপেক্ষাত
ভোগৰ পিঠাবোৰ নাযায় পেটত!
ভোগালীৰ ভোগ বিলাস
মোৰ হৃদয়ত মহা ত্ৰাস!
তোমাৰ কথা ভাবি ভাবি
হই গ’লো অবুজ প্ৰেমৰ কবি।