ভোগালীৰ শুভেচ্ছা
আহিল আকৌ ভোগালী ভোগৰ ভোগ জৰা লৈ
ৰজা পঁজা সকলোৱে মিলি মনৰ হেপাঁহৰে খাব
হাঁহে -মাহে এসঁাজ ।
শীতৰ সেতেলি এৰি মাঘী স্নান কৰি মেজি জ্বলাব
অগ্নি প্রজ্বলিতং বন্দে চতুর্বণ হুতাশন
সুবর্ণবর্ণ মমলং জ্যোতিৰূপায়তে নমঃ
ধ্বনিৰে মুখৰিত হব আকাশ বতাহ।
জ্বলি উঠা মেজিৰ সুবর্ণ শিখাই
সকলোৰে মাজলৈ কঢ়িয়াই আনক ঐক্য,
শান্তি আৰু প্রগতিৰ বতৰা।
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট