ভেৰগাঁ‌ৱত বিটিআৰ সমবায় সন্থাৰ দ্বাৰা সংবাদমেল সম্বোধন

ভেৰগাঁ‌ৱত বিটিআৰ সমবায় সন্থাৰ দ্বাৰা সংবাদমেল সম্বোধন

 অমৰজিৎ ৰাভা,ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা-  বিটিআৰ সমাবায় সমূহৰ অনাদায় ধন শীঘ্ৰেই মোকলাই নিদিলে। উপভোক্তাক সমবায় চাউল দিয়া বন্ধ কৰিবলৈ বাধ্য হম বিটিআৰ সমবায় সন্থাৰ সভাপতি ভূমিধৰ ৰাভাৰ সকিয়নী। “”ভোগৰ উৎসৱ ভোগালী বিহুৰ উপলক্ষে ৰাজ্যত উখলমাখল পৰিবেশ। কিন্তু থিক তেনেই সময়তে বিটিআৰ সমবায় সন্থাৰ অনাদায় ধন মোকলাই দিয়াৰ দাবীত আজি বিহুৰ দিনতে সংবাদমেল সম্বোধন কৰিব লগা ঘটনাই এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এফালে গৰিব হাতাও দেশ বাচাও মূল মন্ত্ৰৰ চৰকাৰ কিন্তু আনফালে সেইখন দেশৰে এই ৰাজ্যত সৰ্বমূঠ ১০০০ কোটি টকা আৰু বিটিআৰত প্ৰায় ১০০ কোটি টকা সমবায়ৰ অনাদায় ধন মোকলাই নিদিয়াত এতিয়া চৰকাৰ খনে গৰিবৰ পেটত লাট মাৰা দিশে। উল্লেখযোগ্য অসমৰ ১০০০ কোটি টকাৰ লগতে বিটিআৰ সমবায় সন্থাৰ অন্তৰ্গত প্ৰায় ৮৬ টা সমবায়ৰ সৰ্বমুঠ ১০০ কোটি টকা অনাদায় ধন চৰকাৰে মোকলাই নিদিয়াৰ ফলতে সমবায় সমূহে গ্ৰাহকক চাউল দিবলৈ অসমৰ্থ হৈ পৰিছে। কিয়নো দুখীয়াৰ জোলোঙাত প্ৰ্তিমাহে অন্ন দান কৰোতে কৰোতে প্ৰায় প্ৰ্তিটো সমবায়তে এতিয়া লক্ষ্য লক্ষ্য টকা ধাৰ হ’ব ধৰিছে। সেয়েহে অহা মাহৰ পৰা যদিহে চৰকাৰে অনাদায় ধন সমূহ মোকলাই নিদিয়ে তেন্তে আমি সমবায় সমূহে দুখীয়াৰ চাউল দিয়া বন্ধ কৰিবলৈ বাধ্য হম আৰু ইয়াৰ বাবে কেৱল চৰকাৰে দায়ী হ’ব বুলি আজি বিটিআৰ সমাবায় সন্থাৰ সভাপতি ভুমিধৰ ৰাভাই ভেৰগাঁ‌ৱত সংবাদ মেল সম্বোধনৰে চৰকাৰক সকিয়নী প্ৰদান কৰে।