ভেলেণ্টাইন ডে’ ৰ ৰহস্য আৰু প্ৰভাৱ – নাজবিন চুলতানা

ভেলেণ্টাইন ডে’ ৰ ৰহস্য আৰু প্ৰভাৱ

নাজবিন চুলতানা
বকতা

সাধাৰণতে কোৱা হয় যে প্ৰেমিক-প্ৰেমিকাৰ এটি দিন নাইবা এটি দিৱস ভেলেণ্টাইন ডে’ । ১৪ ফেব্ৰুৱাৰীৰ দিনা পৃথিৱীৰ সৰহসংখ্যক দেশতে এই দিৱস পালন কৰা দেখা যায় । পশ্চিমীয়া কিছু দেশত এই দিৱস পৰম্পৰাগতভাৱে উদযাপন কৰে । এই দিনত আগবঢ়োৱা হয় ফুলেৰে , লিখনি বা কাৰ্ডেৰে প্ৰেমিক বা প্ৰেয়সীৰ প্ৰতি ভালপোৱাৰ অনুভৱৰ প্ৰস্তাৱ নাইবা ভাললগাৰ প্ৰকাশ । সেয়ে বিশেষভাৱে ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন সপ্তাহ পালন কৰা দেখা যায় ।

ভেলেণ্টাইন ডে’ ৰ কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হয় এই ৰহস্য সন্দৰ্ভত বহুতো কাহিনী বা তথ্য ভিন্নভাৱে পোৱা যায় । কিন্তু সৰহসংখ্যক লোকে প্ৰকাশ কৰে যে “এৰিয়া অফ্‌ জেকব’ছ ডি ৱাৰিজন” নামৰ কিতাপৰ তথ্যানুযায়ী জানিব পৰা গৈছে যে ৰোমৰ এজন ধৰ্মীয় উপদেশক “চেইণ্ট ভেলেণ্টাইন” , যিয়ে পৃথিৱীত প্ৰেম-ভালপোৱা , ভ্ৰাতৃত্ববোধৰ বিশ্বাস বিয়পাবৰ বাবে প্ৰয়াস কৰিছিল আৰু প্ৰেমৰ ওপৰত গভীৰ বিশ্বাস আছিল যে প্ৰেমেই সকলো , প্ৰেমেই যেন জীৱন । কিন্তু সেইসময়ৰ ৰোমৰ সম্ৰাট “ক্লাডিয়াচ” ৰ ধৰ্মোপদেশক জনৰ এই কথাৰ বিৰোধিতা কৰিলে । তেওঁৰ মতে প্ৰেম আৰু বিবাহে পুৰুষৰ বুদ্ধি আৰু শক্তিৰ ওপৰত প্ৰভাৱ পেলায় । সেইবাবে ৰোমৰ ৰজাই ৰাজ্যৰ সকলো সৈনিক আৰু অধিকাৰীসকলক বিবাহ পাশত আৱদ্ধ হোৱাত বাধা প্ৰদান কৰিলে । কিন্তু ৰজাৰ বিৰোধিতাৰে ভেলেণ্টাইনে ৰোমৰ লোকসকলৰ মাজত প্ৰেম আৰু বিবাহৰ সম্পৰ্কত উৎসাহিত কৰিলে । প্ৰেমৰ গুৰুত্বতা বৃদ্ধি কৰালে । যাৰ বাবে বহুতো সৈনিক- অধিকাৰীসকলে বিবাহ কৰোৱাত ৰজাই সন্ত ভেলেণ্টাইনক ১৪ ফেব্ৰুৱাৰী ২৬৯ খ্ৰীষ্টপূৰ্ব ত ফাঁচী দিয়ে । তেতিয়াৰ পৰাই এই দিনটোতে ভেলেণ্টাইন ডে’ ৰূপে পশ্চিমীয়া দেশৰ লোকসকলে পালন কৰে ।

কিন্তু যুগৰ পৰিৱৰ্তনস্বৰূপে সলনি হৈছে সময় , দিন , মানুহৰ মানসিকতা , স্বভাৱ প্ৰকৃতিৰ । বৰ্তমান সময়ত প্ৰেমৰ বিপৰীতে সৃষ্টি হৈছে স্বাৰ্থপৰতা , বৃদ্ধি পাইছে প্ৰেমৰ নামত চতুৰালি , দুষ্টচক্ৰৰ ব্যৱসায় আদিৰ । ভেলেণ্টাইন ডে’ ৰ নামত উপভোগী প্ৰেমে ঠাই পায় ক্ষণিকতে নামমাত্ৰ হিচাপে । স্বৰ্গীয় অনুভূতি প্ৰেম আজিৰ সময়ত ক্ষন্তেকৰ সুখ বিচাৰি ডেটিঙৰ নাম দি কলংকিত কৰিব ধৰিছে । পশ্চিমীয়া সংস্কৃতিত অধিক সোমাব ধৰাত স্বাৰ্থসিদ্ধিৰ অভিসন্ধিত বন্দী হ’ব ধৰিছে নিভাঁজ প্ৰেম । শিলকো গলাব পৰা প্ৰেমৰ শক্তি অতুলনীয় । এই শক্তিৰূপী অমৰ প্ৰেমৰ বাবে নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই । এই প্ৰেম প্ৰত্যেকদিনাই বিশেষ । এই পশ্চিমীয়া সংস্কৃতিৰ তৎপৰতাত পাহৰণি গৰ্ভত আজি লুপ্ত অতীতৰ বিৰল প্ৰেম কাহিনী , প্ৰেম ভালপোৱাৰ সঁচা অনুভূতি ।