ভিক্ষাৰী
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
হাতৰ পৰা সৰি পৰিব খোজে
মোৰ ব্যস্ততাময়ী সময়বোৰ
চাইড গ্লাছত জিলিকি উঠে
কাৰোবাৰ কুৎচিত মুখ
আৰু শীৰ্ণকায় লেতেৰা দেহা।
চকু ফুৰাই দেখোঁ এখন সমাজ
কেইখন মান চিনাকী মুখ
জীৱনৰ কলা উপন্যাস আৰু
জটা চুলিৰ ওপৰত
ধূলিৰ এখন মলীয়ান চামনী।
অচিনাকি গভীৰ নিশাটোত
বেছি জয়াল কৰি মেলি দিয়ে
ভয়ংকৰ বেমাৰৰ সুঁতি
অন্ধবিশ্বাসৰ হাতত ধৰি
গুছি যায় এন্ধাৰৰ বাট।
নিষ্ঠুৰ সময়ৰ সংগীহীনতাত
দুখক কৰিব নোৱাৰি সংগী
বাটে ঘাটে বাজে থাকে
তেজৰ কৰুণ বাঁহী
মোৰ বাবে এইবোৰ সুকীয়া কাহিনী।