ভাৰত সমাচাৰৰ ২০০ কোটি টকাৰ অবৈধ লেনদেনৰ তথ্য পোহৰলৈ আহিছে আয়কৰৰ অভিযানত
অনলাইন বাৰ্ত্তাসেৱা– আয়কৰ বিভাগে চলোৱা অভিযানৰ পাছত ভাৰত সমাচাৰৰ কাৰ্যালয়ত প্ৰতিষ্ঠানৰ ২০০ কোটি টকাৰ লেনদেনৰ কোনো তথ্য নথকাৰ কথা সদৰী কৰিছে। লক্ষ্নৌ, বাস্তি, বাৰণসী, জৌনপুৰ আৰু কলকাতাৰ কেইবাটাও স্থানত চলোৱা অভিযানত ৩ কোটি টকা নগদ ধন জব্দ কৰা হয়। এই নগদ ধনৰ লগতে ভাৰত সমাচাৰৰ কেইবাটাও কাৰ্যালয়ৰ ১৬টা লকাৰ নিৰীক্ষণত ৰখা হৈছে। আয়কৰ বিভাগে এক বিবৃতিত আয়কৰ বিভাগে উল্লেখ কৰা মতে প্ৰতিষ্ঠানটোৱে প্ৰায় ২০০ কোটি টকাৰ লেনদেন কৰা কোনো সঠিক তথ্য পোৱা নাই। কোনো ঠিকনাবিহীন প্ৰতিষ্ঠানৰ জৰিয়তে এনে লেনদেন সংঘটিত কৰাৰ তথ্য লাভ কৰিছে । খনি, সুৰাৰ ব্যৱসায় আৰু ৰিয়েল ইষ্টেটকে ধৰি কেইবাটাও ব্যৱসায়ৰ জৰিয়তে এই ধন লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে। অভিযান কালত কলকাতাত থকা ১৫টাৰো অধিক প্ৰতিষ্ঠানৰ কোনো অৱস্থিতি পোৱা নগ’ল।
(R.T)