ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিয়ানসকলৰ ভিতৰত পি ভি সিন্ধুও এজনঃ মন্ত্ৰী অনুৰাগ ঠাকুৰ
অনলাইন বৰ্ত্তাসেৱা – ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰ পিছত ভাৰতলৈ উভতি অহাত বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুক ভাৰতৰ অন্যতম “শ্ৰেষ্ঠ অলিম্পিয়ান” বুলি অভিহিত কৰে। “তেওঁ ভাৰতৰ পৰিচয়, অনুপ্ৰেৰণা আৰু দেশৰ হৈ খেলাৰ সপোন দেখা প্ৰতিজন ভাৰতীয়ৰ কল্পনা কঢ়িয়াই আনিছে। তাইৰ অবিশ্বাস্য সাফল্যই উদীয়মান খেলুৱৈসকলৰ এটা প্ৰজন্মক অনুপ্ৰাণিত কৰিব,” তেওঁ লগতে কয়।
(UD.)